
নিউজ ডেস্ক:
"ভূপেন বৰাই কংগ্ৰেছৰ গৰাল বন্ধ কৰক, আগফালে দুৱাৰ দাং লগাব; পিছফালে ধোবাং বাং হ'ব কংগ্ৰেছ"- এই মন্তব্য বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনৰ।শীঘ্ৰে কংগ্ৰেছৰ ৮জনকৈ বিধায়কে বিজেপিত যোগদান কৰিব বুলি বিস্ফোৰণ ঘটাই ফুকনে কয়- গাত ছাল বাকলি নথকা বৰাই মদ খাই তিনি টেকেলি।৯জনকৈ কংগ্ৰেছ বিধায়কে যোগদানৰ কথা আছিল কিন্তু এজন বিধায়কৰ সংস্থাপন মিলা নাই।
"ভূপেন বৰাই পদ যাত্ৰা কৰি লাভ নাই।বৰাই কংগ্ৰেছৰ গৰাল বন্ধ কৰক।তেওঁ পদযাত্ৰা কৰি থাকিব ইফালে পিছফালেৰে বিধায়ক গৈ বিজেপিত যোগদান কৰিব"- ফুকনে কয়।
আনহাতে বিজেপিৰ বিধায়কজনৰ এই মন্তব্যৰ পিছতে এআইইউডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু আমিনুল ইছলামে কয়- এআইইউডিএফলৈও আহিব কংগ্ৰেছৰ একাধিক বিধায়ক।ইতিমধ্যে কথা বাৰ্তা চলি আছে।শীঘ্ৰে যোগদান কৰাৰ কথা ঘোষণা কৰিব।
ইফালে বিজেপি বিধায়ক ফুকনৰ এই অভিযোগ খণ্ডন কৰি কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে কয়- কোনো বিধায়ক নাযায় বিজেপিলৈ।
- Log in to post comments
- 9 views