
নিউজ ডেস্ক:
ভাৰত তথা অসমৰ বাবে দুৰ্ভাগ্যজনক যে আজিও অসমত জেহাদীৰ সমৰ্থনত মানুহ থিয় হয়।যি জেহাদীয়ে দেশক অস্থিৰ কৰি ৰাখি উত্তৰ-পূৱত জেহাদীৰ ঘাটি বনাইছে, তেনে জেহাদীৰ পক্ষত থিয় দিয়ে জনপ্ৰতিনিধি- এই বিস্ফোৰক অভিযোগ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।যিসকল জনপ্ৰতিনিধিয়ে জেহাদীৰ পক্ষত থিয় দিছে সেইসকল লোকৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ ৰাইজক আহ্বান বৰুৱাৰ।
"অসমৰ ৰাজনীতিলৈ ভাবুকি কঢ়িয়াই অনুপ্ৰবেশকাৰী বহু প্ৰৱেশ কৰিছে।লিগেছী চোৰ কৰি ৰাজনৈতিক অধিকাৰো লাভ কৰিছে।আৰু একাংশই ভোটৰ স্বাৰ্থতে জেহাদী সমৰ্থন কৰিব লৈছে-" বৰুৱাই লগতে কয়।
ইফালে জেহাদীৰ পক্ষত থিয় দিয়া সকলৰ বায়'ডাটা উলিয়াব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তৱ্য প্রকাশ কৰি তেওঁ আৰু কয়-নিশা হলে ক’ত যায়, কি কৰে সকলো উলিয়াব লাগিব।জেহাদীৰ পক্ষত প্ৰতিবাদ কৰি প্ৰকৃততে কি বুজাইছে, তাক কোৱাৰ প্ৰয়োজন নাই।কংগ্ৰেছ -AIUDFৰ ভোট বেংক এতিয়া জেহাদী সমৰ্থনকাৰী বুলিও মন্ত্ৰী গৰাকীয়ে কয়।
- Log in to post comments
- 3 views