কংগ্ৰেছ-AIUDFয়ে জেহাদীৰ ঠিকা লয় নেকি? আলফাৰ বন্ধ আমি নামানো- বিধায়ক দিগন্ত কলিতা

A

নিউজ ডেস্ক:

"অসম আৰক্ষীক RTI মাৰিলেই কংগ্ৰেছ চৰকাৰৰ দিনত কিমান জেহাদী গ্ৰেপ্তাৰ হৈছিল ওলাই পৰিব।জেহাদীৰ কথা কলেই কংগ্ৰেছ-AIUDF কিয় জাঙুৰ খাই উঠে মই আচৰিত হওঁ"-মন্তব্য বিজেপি বিধায়ক দিগন্ত কলিতাৰ।জেহাদীৰ ঠিকা লৈছে নেকি কংগ্ৰেছে!কংগ্ৰেছ-AIUDFক জেহাদীৰ ঠিকা দিয়া হোৱা নাই।কাৰণ এনে লাগে জেহাদীক ধৰিলে সমৰ্থন নকৰি তেওঁলোকে বিৰোধ কৰি থাকে-কমলপুৰ বিজেপি বিধায়ক কলিতাই কয়।
অসম আৰক্ষী তথা চৰকাৰ কঠোৰ হ’ব জেহাদীৰ বিৰুদ্ধে।অন্যথা আগন্তুক দিনত অসম কাশ্মীৰ হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
আনহাতে আলফা(স্বা)য়ে ১৫আগষ্টত বন্ধ ঘোষণা কৰিছে ৷ আমি নামানো১৫আগষ্ট পালন কৰি।হৰ ঘৰ তিৰংগা ইতিমধ্যে আৰম্ভ হৈছে।পৰেশ বৰুৱাই আলফা কেডাৰসকলকো ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ কওঁক এই আহ্বান কলিতাৰ।

Your Comments