মুখ্যমন্ত্ৰীৰে তুলনা নহয় ৰাহুল গান্ধী, ভূপেন বৰাই বানপানীৰ সময়ত অসমলৈ কিয় আনিব নোৱাৰিলে ৰাহুলক- দিগন্ত কলিতা

A

নিউজ ডেস্ক:

গান্ধী বচাও অভিযানত ব্যস্ত এতিয়া কংগ্ৰেছ।মা-বেটি আৰু বেটা বচোৱা অভিযানত নামিছে কংগ্ৰেছ- এই মন্তব্য বিজেপি বিধায়ক দিগন্ত কলিতাৰ।কিন্তু বিজেপিৰ উদ্দেশ্য অসমৰ ৰাইজক সেৱা কৰা।ভূপেন বৰাই ৰাহুল গান্ধীক মুখ্যমন্ত্ৰীৰে যুক্তি তৰ্কলৈ অনাক লৈ গৌৰৱ কিয় কৰে।বানপানীৰ সময়ত ৰাহুল গান্ধীক আনিবলৈ কিয় সাহস নহল ভূপেন বৰাৰ।ভূপেন বৰাৰ লক্ষ্য বিতৰ্কিত মন্তৱ্যৰে কেৱল নিজক প্ৰতিষ্ঠা কৰা।মুখ্যমন্ত্ৰী কেৱল অসমতে নহয় দেশৰ ভিতৰত তিনিটা স্থানৰ ভিতৰত আহিছে- কলিতাই লগতে কয়।

ইফালে ২০২৪ত মোডীৰ নেতৃত্বত আকৌ NDA চৰকাৰ হ’ব বুলি উল্লেখ কৰি তেওঁ কয়-ইডিৰ জেৰা প্ৰসংগত অন্য কংগ্রেছীৰ প্ৰতিও কংগ্ৰেছ সষ্টম হোৱা হলে ভাল লাগিল হয়।কিন্তু কেৱল গান্ধী পৰিয়ালৰ প্ৰতিহে কংগ্ৰেছ সষ্টম।

মুখ্যমন্ত্ৰীৰ লগত ৰাহুল গান্ধীক একেলগে বহুৱা মন্তব্যৰ পৰা আঁতৰি থাকক ভূপেন বৰা।অনাগত দিনত ৰাহুল গান্ধীক আনি গাঁৱে-গাঁৱে কংগ্ৰেছৰ সাংগাথঁনিক ভেঁটি শক্তিশালী কৰাই কর্মীসকলক বুজাবলৈ দিয়ক। ৰাহুল গান্ধীক মানুহে পাহৰি গ’ল,গান্ধী পৰিয়ালৰ দিন শেষ, এতিয়া মোডীৰ দিন- কমলপুৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে কয়।

আনহাতে অহা পঞ্চায়ত, লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলক জিকি দেখাবলৈও প্ৰত্যাহ্বান জনাই তেওঁ কয় যে ৰাজনীতিত ৰাহুল গান্ধীয়ে আকৌ ক-খ পঢ়িব লাগিব কিন্তু মুখ্যমন্ত্ৰীয়ে ৰাজনীতিত মাষ্টাৰ ডিগ্ৰী লৈছে।ৰাহুল গান্ধী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তুলনা কৰিব পৰা পৰিৱেশ এতিয়া নাই।বিজেপিৰ মণ্ডলৰ সভাপতি লগত ৰাহুল গান্ধীয়ে সংবাদমেল পাতক।

Your Comments