গুৱাহাটী প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচী, আৰক্ষীৰে টনা-আজোৰা

A

নিউজ ডেস্ক:

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বানপানী সমস্যাৰ লগতে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ ওপৰত আৰোপ কৰা জিএছটিৰ বিৰুদ্ধে গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচী।প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা জিএচটি প্ৰত্যাহাৰ কৰক, নিবনুবা সমস্যা সমাধান কৰক আদি বিভিন্ন শ্ল’গান দি চিলিণ্ডাৰৰ প্ৰতিকৃতি হাতে হাতে লৈ সাব্যস্ত কৰে প্ৰতিবাদ।ৰাজভৱন দিশে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ আগবাঢ়িবলৈ লওতেই  আৰক্ষীয়ে বাধাপ্ৰদান কৰাত প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতিৰ  সৃষ্টি হয়।আৰক্ষীৰ বেৰীকেড ভাঙি ৰাজভৱনৰ দিশে  আগুৱাই যাবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰীসকলক  টানি-আঁজুৰি আটক কৰিলে আৰক্ষীয়ে।শুক্ৰবাৰে কংগ্ৰেছৰ দেশজুৰি প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ন কৰাৰ সমান্তৰালকৈ অসমতো ৰাজভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছে।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়- দেশৰ মানুহ আজি মূল্যবৃদ্ধিত ভাৰাক্ৰান্ত।বিজেপিয়ে GST আৰোপ কৰি সৰ্বসাধাৰণৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে।প্ৰতিৰোধ যিমান শক্তিশালী হ'ব কংগ্ৰেছৰ প্ৰতিবাদ তাতকৈ শক্তিশালী হ'ব।বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যেতিয়ালৈ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে, নিযুক্তি দিব নোৱাৰিব তেতিয়ালৈ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব।
কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে  প্ৰতিবাদ সাব্যস্ত কৰি কয় যে,জেহাদীৰ ৰম্যভূমি হোৱা জেহাদীক ধৰাত ব্যৰ্থ  চৰকাৰে কংগ্ৰেছীক ধৰি বৰ্বৰতা দেখুৱাব আহিছে।

Your Comments