
নিউজ ডেস্ক:
"মুখ্যমন্ত্ৰীয়ে যিসমূহ কিতাপৰ ভিত্তিত জেহাদীৰ কথা কৈছে সেইসমূহ জেহাদৰ কিতাপ নহয়।ইমান কি, আকায়াত, চ'ক্ৰাতৰ মৃত্যু যন্ত্ৰণা কিতাপ জেহাদী কিতাপ নহয়"-মন্তৱ্য বিধায়ক আমিনুল ইছলামৰ।
অসমত আজিলৈকে যিমান উগ্ৰপন্থী কাৰ্যকলাপ হৈছে এটাও মুছলমানৰ দ্বাৰা হোৱা নাই।অসমত মুছলমানে ব্লেডেৰে আছুৰি দিয়াৰ ঘটনা এটাও কৰা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি ইছলামে কয়-কোনো মুছলমান সংগঠনে কিবা কৰাটো আমিও নিবিছাৰো, মুছলমান যুৱক বিপথে যাব বিচাৰিলে কঠোৰ ব্যৱস্থা লওঁক লজত সদায় আছোঁ।
"জেহাদী কথাৰে ইচ্ছু ডাইভাৰ্ট কৰা হয়, প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা এনেধৰণৰ কাৰ্য দেখিছো।যেতিয়াই ব্যৰ্থতা, দুৰ্নীতি কথা আহে তেতিয়াই জেহাদী কথাৰে ইচ্ছুৰ ডাইভাৰ্ট কৰে"- ধিং সমষ্টিৰ বিধায়ক ইছলামে কয়।
আমি সদায় জেহাদীৰ বিৰুদ্ধে আছোঁ বুলিও আমিনুল ইছলামে কয়।
- Log in to post comments
- 15 views