আমি জেহাদীৰ পৃষ্ঠপোষক নহয়- কৰিমুদ্দিন বৰভূঞা

A

নিউজ ডেস্ক:
বিধানসভাৰ সদনত জাতি-জনগোষ্ঠী, শিক্ষাৰ প্ৰসংগত মাত-মতা দুগৰাকী বিধায়কক টাৰ্গেট কৰিছে।জেহাদী বুলি দিয়া অভিযোগৰ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাক ক্ষমা খোজাৰ দাবী জনাইছিলো কিন্তু অহংকাৰী মন্ত্ৰীয়ে ১৪গোষ্ঠী, মৰিলে, গুলীয়ালেও ক্ষমা নোখোজো কৈছে।গণতান্ত্ৰিক দেশত এয়া সংসদীয় ভাষা নেকি!এজন মন্ত্ৰীৰ মুখত এনে ভাষা শোভা নাপায়- কৰিমুদ্দিন বৰ ভূঞাই কয়।মন্ত্ৰী পীযুষ হাজৰিকা অহংকাৰী আগন্তুক দিনত ৰাইজে এই অহংকাৰ চুৰমাৰ কৰিব।
ইফালে জয়ন্ত মল্ল বৰুৱাক সকীয়নী প্ৰদান কৰি কয়যে - জয়ন্তমল্ল বৰুৱা ,পুলিচ আপোনাৰ পাৰ্চনেল প্ৰপাৰ্টি নেকি!অসম পুলিচৰ আত্মা সন্মান-মৰ্যদা  আছে ৷তৰল কথাত পুলিচক জগৰীয়া নকৰিব।অসম পুলিচৰ মালিক আপুনি নহয়, মন্ত্ৰী হ’ব পাৰে।
"সংবিধানত শপত খোৱা মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিটো কথা সংবিধান বিৰোধী।সতীৰ্থ বিধায়কৰ বিৰুদ্ধে এনে মিছা অভিযোগ অসমৰ ইতিহাসত এয়া প্ৰথম।আমাৰ বিধায়কৰ দোষ নেকি দাড়ি-টুপী থকাটো"- কৰিমুদ্দিনে কয়।
অসমবাসীয়ে লক্ষ্য কৰিছে ৷২০২৪ আৰু ২৬ত বিচাৰ কৰিব।সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে মাদ্ৰাছা ভাঙি দিয়া হৈছে।আমি কোনো জেহাদী পৃষ্ঠপোষক নহয়।উত্তৰ- পূর্বত মুছলিমৰ দ্বাৰা পৰিচালিত উগ্ৰপন্থী সংগঠন নাই।উগ্ৰপন্থী সংগঠনসমূহ অ-মুছলিম।দেশৰ বিৰুদ্ধে জেহাদ অ-মুছলিম সংগঠনে কৰিছে উত্তৰ-পূৰ্বাঞ্চলত- বিধায়ক বৰভূঞাই কয়।
মুখ্যমন্ত্ৰীয়ে এটা সম্প্ৰদায়ক ৰাজনীতিৰ স্বাৰ্থত সন্দেহৰ আৱৰ্তত আনিছে।মূল্যবৃদ্ধিয়ে যেতিয়া আকাশ চুৱে মুছলমানৰ ওপৰত সন্দেহ সৃষ্টি কৰি ইছ্যু ডাইভাৰ্ট কৰে বুলিও তেওঁ কয়।

Your Comments