ৰাজীৱ ভৱনৰ তলত পাণ দোকান আৰু ওপৰত ঘড়ী দোকান হ'ব- আজমল

A

নিউজ ডেস্ক:

"ৰাজীৱ ভৱনৰ তলত পাণৰ দোকান আৰু ওপৰত ঘড়ীৰ দোকান হ'ব।ইয়াৰ বাবে কংগ্ৰেছক ভাড়াঘৰ বিচাৰিছিল  আমাৰ বিধায়কে"- এই মন্তব্য এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ।AIUDFৰ প্ৰধান শত্ৰু বিজেপি, কংগ্ৰেছ এতিয়া নাই।কংগ্ৰেছ আমাৰ শত্ৰু আৰু মিত্ৰ একো নহয়।অসমত নিঃশ্চিহ্ন হ'ব কংগ্ৰেছ- আজমলে কয়।
আনহাতে প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰাৰ লগত এতিয়া কোন আছে বুলি প্রশ্ন কৰি আজমলে কয়- ছয় জনকৈ বিধায়কক গাড্ডাৰ সজাইছে।ভূপেন বৰাৰ লগত এতিয়া কোনো নাই।এজনো বিধায়ক তেওঁৰ লগত নাই।আমাৰ তালৈ কিছু আহিব আৰু বাকীবোৰ বিজেপিলৈ যাব।
ইফালে আজমলক ইডিয়ে জেৰা কৰা বুলি সংবাদ মাধ্যমত প্রকাশ পোৱা প্ৰসংগত তেওঁ কয়- ইডিৰ কথা নুসুধিব ,ভয় খাই আছো।জাতি-ধৰ্ম নিৰ্বিশেষে সকলো  ইডিৰ পৰা বচাই ৰাখক তাকে প্ৰাৰ্থনা কৰিছোঁ।এই মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ।তাৎপৰ্যপূৰ্ণ ভাৱে জেহাদী প্ৰসংগত মুখ খোলাৰ পৰা বিৰত থাকে আজমলে।

মুখ্যমন্ত্ৰী-প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই  স্বাধীনতা দিৱসত সকলোৱে পতাকা উত্তোলন কৰিব লাগে।মন্দিৰ-মছজিদতো পতাকা উত্তোলনৰ আহ্বান আজমলৰ।
একেদৰে ৰাষ্ট্ৰপতি নিৰ্বাচনত যশৱন্ত সিনহাক ভোট দিয়াৰ দাবী এআইইউডিএফৰ প্ৰধান গৰাকীৰ।আমাৰ সকলো বিধায়কে ভোট দিছে।কংগ্ৰেছ বিধায়কে ক্ৰছ ভোট কৰিছে।এশ শতাংশ কংগ্ৰেছে ক্ৰছ ভোট কৰিছে।
ৰাজীৱ ভৱনত আজমলৰ নাম লোৱা মানা কৰিছে।কিন্তু সকলোৰে মুখে মুখে আজমল।লোকসভা নিৰ্বাচন লৈ প্ৰস্তুতি চলোৱা নাই।

Your Comments