চৰকাৰখন মুছলিম, ইছলাম আৰু সংখ্যালঘু বিৰোধী; মাদ্ৰাছা উচ্ছেদক বিৰোধিতা আমিনুল ইছলামৰ

A

নিউজ ডেস্ক:
জেহাদীৰ সন্দেহত আৰক্ষীয়ে আটক কৰা অভিযুক্ত পিছত নিৰ্দোষী প্ৰমাণিত হয়।আজি চহৰীয়া পামত জেহাদী লিংক থকাৰ অভিযোগত মাদ্ৰাছা উচ্ছেদৰ ঘটনাক গৰিহণা এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ।গ্ৰেপ্তাৰ কৰা মাদ্ৰাছা শিক্ষকজনলৈ বাহিৰৰ টকা অহাৰ অভিযোগত মাদ্ৰাছাখন ভাঙিছে।শিক্ষক জনলৈ টকা ক’ৰ পৰা আহে তাক ৰাজহুৱা কৰা নাই।আদালতৰ ৰায়দান নোহোৱাকৈয়ে বুলডজাৰেৰে মাদ্ৰাছ ভাঙি পেলাইছে।এইয়া চূড়ান্তভাৱে ক্ষমতাৰ অপ-ব্যৱহাৰ, সংখ্যালঘু বিৰোধীৰ লগতে মুছলমান ইছলামধৰ্মীয় শিক্ষা ব্যৱস্থাটোক নাগপুৰৰ শ্ৰুতলিপিত ধ্বংস কৰিছে।

"মাদ্ৰাছাখনত জেহাদী শিক্ষাদিয়া কোনো প্ৰমান দিব পৰা নাই।মাদ্ৰাছা গোটৰ পৰা টকা অহা প্ৰমাণ যদি আছে আদালতত দিব লাগিছিল।আদালতৰ নিৰ্দেশ মৰ্মে মাদ্ৰাছাখন উচ্ছেদ কৰা হলে আমাৰ কব লগা নাছিল"- ধিং সমষ্টিৰ বিধায়ক ইছলামে কয়।
ইফালে কেইদিনমান পূৰ্বে জেহাদী সন্দেহত আটক কৰা ৭গৰাকী মাদ্ৰাছা শিক্ষকক কোনো তথ্য প্ৰমাণ নথকাৰ বাবে মুকলি কৰিলে।মাদ্ৰাছাত কোনো ধৰণৰ জেহাদী কাম-কাজৰ তথ্য প্ৰমাণ নাপালে।কিন্তু মাদ্ৰাছা ছাত্ৰী সকলক বলপূৰ্বক ভাৱে ঘৰলৈ পঠিয়াই দিলে।জেহাদী সম্পৰ্ক কোনো তথ্য নথকা মাদ্ৰাছা ছাত্ৰীসকলক কিয় শিক্ষাৰ পৰা বঞ্চিত কৰিব বিচাৰিছে বুলি ইছলামে কয়।
"ইছলামিক শিক্ষা ব্যৱস্থাক ধ্বংসৰ পৰিকল্পনা কৰিছে।চৰকাৰখন মুছলিম-ইছলাম আৰু সংখ্যালঘু বিৰোধী“- ধিং সমষ্টি বিধায়ক গৰাকীয়ে কয়।

Your Comments