
নিউজ ডেস্ক:
'কাইলৈৰ ভিতৰত ক্ষমা নুখুজিলে মন্ত্ৰী পীযুষক হাজৰিকাক মই কি কৰি আছোঁ চাব।ফাঁচীৰ আগতো মানুহক সময় দিয়ে গতিকে সময় দিছোঁ'- এই মন্তব্য AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ। কৰিমুদ্দিন বৰভূঞাই মন্ত্ৰীদ্বয় পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাক ২৪ঘন্টাৰ ভিতৰত ক্ষমা খুজিবলৈ সময়সীমা বান্ধি দিয়া প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাই জেহাদীৰ ওচৰত মোৰ ১৪গোষ্ঠীয়ে ক্ষমা নোখোজে বুলি কৰা মন্তব্যক প্ৰত্যুত্তৰ দি বিধায়ক গৰাকীয়ে কয় যে ,মনে কৈছে শুকুৰবাৰৰ ভিতৰত ক্ষমা খুজিব।অন্তৰৰ পৰা এনে কথাবোৰ কোৱা নাই বুলি অনুভৱ হয় গতিকে সময় দিছোঁ কাইলৈৰ ভিতৰত ক্ষমা খুজিব।
উল্লেখ্য যে AIUDFৰ দুই বিধায়কক জেহাদীৰে সম্পৰ্ক থকা বুলি কেইদিনমান পূৰ্বে কটাক্ষ কৰিছিল বিজেপিৰ দুই মন্ত্ৰী পীযুষ আৰু জয়ন্ত মল্ল বৰুৱাই।মন্ত্ৰী দুগৰাকীৰ ভাষ্যৰ বিৰুদ্ধে বুধবাৰে ক্ষমা খোজাৰ দাবী জনাইছিল AIUDFৰ বিধায়ক ভূঞাই।
- Log in to post comments
- 5 views