
নিউজ ডেস্ক:
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ৰছ ভোটিং প্ৰসংগত দলৰ বিধায়ক-সাংসদ সকলৰ মুখ বন্ধ কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক দিগন্ত কলিতাই।ভূপেন বৰাই নিজৰ বিধায়ক-সাংসদৰ মুখ বন্ধ কৰিবলৈ কৈ বোবাৰ ভূমিকা পালন কৰিব দিছে৷
"ভূপেন বৰাই ছয়জন বিধায়কে ক্ৰছ ভোটিং কৰিছিল বুলি কৈ থকা সময়তে জীতেন্দ্ৰ সিঙে কৈছে চাৰিজন সন্দেহৰ আবৰ্তত।আকৌ একাংশ বিধায়কে সকলো বিধায়কেই সন্দেহৰ আবৰ্তত বুলি কয়।গতিকে ভূপেন বৰাই স্পষ্ট কৰিব লাগে সমগ্ৰ বিষয়টো"- কলিতাই কয়।
উল্লেখ্য যে, ৰাজ্যসভা নিৰ্বাচনত ২২টা ক্ৰছ ভোট প্ৰসংগত আজিও ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা অব্যাহত আছে।কোন কোন বিধায়কে এন ডি এ সমৰ্থিত প্ৰাৰ্থীক ভোট প্ৰদান কৰিলে তাকে লৈ বৰ্তমানলৈ কংগ্ৰেছ-AIUDFৰ মাজত আৰম্ভ হৈছে দোষ জাপি দিয়া ৰাজনীতি।
- Log in to post comments
- 8 views