
নিউজ ডেস্ক:
ঘৰে ঘৰে পতাকা উত্তোলন কৰাই বিজেপি চৰকাৰে ব্যৱসায় আৰম্ভ কৰিছে।পতাকাৰ নামত ২০টকাকৈ পুঁজি সংগ্ৰহৰ ফন্দি পাতিছে।এই বিস্ফোৰক মন্তব্য AIUDFৰ বিধায়ক আমিনুল ইছলামৰ।চৰকাৰে শেহতীয়া ভাৱে তিনিদিন ৰাষ্ট্ৰীয় পতাকা ঘৰে ঘৰে উত্তোলন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰসংগত ইছলামে কয়- RSSৰ ছাত্ৰৰ পৰা ভাৰতবৰ্ষৰ স্বাধীনতা-পতাকাৰ মূল শিকা প্ৰয়োজন আমাৰ নাই।
ইফালে ইছলামৰ উপৰিও AIUDFৰ বিধায়ক অশ্ৰাফুল হুছেইনে কয়-'বিজেপি দল দেশপ্ৰেমিক নহয়, ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন দেশপ্ৰেমৰ অভিনয়।ৰাইজেহে তেওঁলোকক কৈ কৈ RSSৰ কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰিবলৈ বাধ্য কৰাইছিল।’
ইফালে বিজেপি বিধায়ক হেমাঙ্গ ঠাকুৰীয়াই AIUDFৰ বিধায়ক আমিনুল ইছলামে নিজৰ মানসিকতাৰ পৰিচয় দিয়া বুলি উল্লেখ কৰি কয়-ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাতো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ কথা।তেওঁ এইবোৰ কথা দেশদ্ৰোহীৰ দৰে কৈছে। তেওঁ ভাৰতীয় হয়নে নহয়, সন্দেহ হয়।
- Log in to post comments
- 6 views