ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ ২২টা ক্ৰছ ভোট কোন কোন দলৰ আছিল;মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিলে

A

নিউজ ডেস্ক:

ৰাষ্ট্ৰপতি নিৰ্বাচনত দেশৰ ভিতৰতে সৰ্বাধিক ক্ৰছ ভোট সাব্যস্ত হৈছে অসমত।অসম বিধানসভাৰ ২২জন বিৰোধী বিধায়কৰ ভোট লাভ কৰে NDA সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে।কোন কোন বিৰোধীৰ বিধায়কে ক্ৰছ ভোট দিলে তাক লৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা অব্যাহত থকা সময়তে দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰোধী কোন দলৰ কিমান বিধায়কে মুৰ্মুক ভোট দিলে হিচাপ ব্যক্ত কৰে।১২৬জন বিধায়কৰ দুগৰাকী বিধায়কে কৰা নাছিল ভোটদান।১২৪জন বিধায়কে ভোট সাব্যস্ত কৰিছিল ৰাষ্ট্ৰপতি নিৰ্বাচনত।নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ প্ৰতি থকা অসমবাসীৰ অকুণ্ঠ মৰম প্ৰকাশ পাইছে ১০৪টা ভোট লাভ কৰা ঘটনাত।

'২২টা বিৰোধী ভোটৰ ১৫-১৬টা ভোট কংগ্ৰেছৰ পৰা লাভ কৰা বিপৰীতে ৪টা ভোট AIUDFৰ পৰা লাভ কৰা কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে।যিসমূহ সমষ্টিত আদিবাসী আৰু বাগানৰ ভোট আছে তেনে সমষ্টিৰ বিধায়কসকলৰ মানসিকতাত আছিল মুৰ্মুক ভোট দিয়াটো’ লগতে তেওঁ কয়।
ইফালে নাম প্রকাশ নকৰাকৈ বিধায়ক অখিল গগৈয়ে দ্ৰৌপদীক ভোট দিয়াৰ ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে।তেওঁ কয় 'নিৰ্দলীয় বিধায়কে ভোট দিছে মুৰ্মুক'।তাৎপৰ্যপূৰ্ণ কথা এই যে অসম বিধানসভাত অখিল গগৈয়ে একমাত্ৰ নিৰ্দলীয় বিধায়ক।
আনহাতে মুৰ্মুক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে কয়-দেশৰ গৰিমা আৰু বৃদ্ধি হওঁক তেওঁৰ কাৰ্যকালত।

Your Comments