
নিউজ ডেস্ক:
বৃহস্পতিবাৰে EDৰ কাৰ্যালয়ত কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীক তলব কৰাৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাটো একাংশ কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ছোনিয়া গান্ধীক EDয়ে চমন জাৰি কৰিছিল যদিও তেওঁ ক'ভিডত আক্ৰান্ত হোৱাৰ বাবে উপস্থিত হ'ব পৰা নাছিল । ইফালে, বৃহস্পতিবাৰে কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে কংগ্ৰেছী নেত্ৰীগৰাকীক মাৰাথন জেৰা চলায় EDয়ে । কংগ্ৰেছ নেত্ৰীগৰাকীক ED কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে দিয়া নিৰ্দেশৰ বিৰোধীতাৰে দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ।
সমান্তৰালকৈ হোজাই জিলা শংকৰদেৱ নগৰত একাংশ কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে হোজাই উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰৰ দিনটোত জিলা কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক EDয়ে জেৰা কৰাৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মীসকলে।
বিজেপি চৰকাৰক অপশাসন বন্ধ কৰিবলৈ হুংকাৰ দি বিৰোধী দল, জনগণৰ ওপৰত নিৰ্যাতন নকৰিবলৈ সকিয়নী প্ৰদান কৰে কংগ্ৰেছ কৰ্মীসকলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, এন এছ ইউ আই আদি কংগ্ৰেছৰ সকলো সংগঠনে সহযোগিতা আগবঢ়ায় । ধৰ্ণাৰ অন্তত প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
- Log in to post comments
- 5 views