বিধায়ক শ্বেৰমানৰ বিস্ফোৰক মন্তব্য 'কংগ্ৰেছৰ দুই বিধায়ক আৰু এজন সাংসদক গোলাম আখ্যা’ পঢ়ক

A

নিউজ ডেস্ক:

"কংগ্ৰেছে বৈষম্যমূলক নীতি লৈছে।দলীয় অনুশাসন ভংগ কৰি বিজেপিৰ সৈতে হলি-গলি কৰা বিধায়ক শশীকান্ত দাসৰ বিধায়ক পদ খাৰিজৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।কিন্তু মই সংখ্যালঘু কেন্দ্ৰিক কিছু বিষয় উত্থাপন কৰা বাবে কংগ্ৰেছে বিধায়ক পদ খাৰিজ কৰিব চেষ্টা কৰিছে-এই মন্তব্য বিধায়ক শ্বেৰমান আলি আহমেদৰ।কংগ্ৰেছ ধৰ্মনিৰপেক্ষ হয় নে নহয় মোৰ প্ৰশ্ন হয়।কাৰণ মই সংখ্যালঘু, মুছলমান, মিঞা সম্প্ৰদায়ৰ হোৱা বাবে কংগ্ৰেছে এনে বৈষম্য ব্যৱস্থা লৈছে নেকি!-তেওঁ লগতে কয়।
আনহাতে কংগ্ৰেছৰ গোলাম নাম্বাৰ-1 ৰকিবুল হুছেইন, গোলাম নাম্বাৰ-2 জাকিৰ হুছেইন চিকদাৰ, গোলাম নাম্বাৰ -3 আব্দুল খালেক।তেওঁলোক কংগ্ৰেছৰ ভৰি চেলেকা গোলাম বুলি কটাক্ষ কৰে শ্বেৰমানে ।দলীয় হুইপ ভংগ কৰি বিগত ৰাজ্যসভা নিৰ্বাচনত বিজেপিক শশী দাসে ভোট দিলে আপোনালোকৰ এবাৰো বিবেকত দংশন নহল নে!-বুলি প্ৰশ্ন কৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক জনে।
উল্লেখ্য যে বিধায়ক পদ খাৰিজৰ বাবে কংগ্ৰেছৰ বিধায়নী দলে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক জনোৱা আবেদনৰ প্ৰথম শুনানি মঙলবাৰে হৈ যায়।কংগ্ৰেছ বিধায়নী দলৰ সভাত শশী দাসৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ নোলোৱাত ক্ষোভ ব্যক্ত কৰে বিধায়ক আলিয়ে।

Your Comments