
নিউজ ডেস্ক:
"কংগ্ৰেছ বিশ্বাসযোগ্য নহয়, AIUDFৰ লগত কংগ্ৰেছে বহুবাৰ গাড্ডাৰ কৰিছে।যোৱা নিৰ্বাচনত তিনিটাকৈ সমষ্টিত প্ৰাৰ্থী নিদিয়া প্ৰতিশ্ৰুতি দি শেষ মুহূৰ্তত প্ৰাৰ্থী দিলে।কংগ্ৰেছে ঢৌকা দিছে, বাৰে বাৰে ঢৌকা দিব আৰু কংগ্ৰেছৰ লগত থাকিম তেনে নহয়' -এই আক্ষেপ AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ ৷ৰাষ্ট্ৰপতি নিৰ্বাচনত সৰ্বভাৰতীয় পৰ্যায়তে বিৰোধী ঐক্যবদ্ধ হোৱা নাই।প্ৰাক্তন তৃণমূল কংগ্ৰেছৰ নেতা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জশৱন্ত সিনহাক লৈ মমতা বেনাৰ্জীৰ প্ৰথম সহযোগিতা পিছত দেখা নাপালোঁ।নীৰৱতা অৱলম্বন কৰাৰ লগতে প্ৰাৰ্থী গৰাকীয়ে পশ্চিমবংগতো প্ৰচাৰ চলাবলৈ নগল।ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীয়ে ঐক্যবদ্ধ ভাৱে যিটো যুজঁ দিব লাগিছিল সেয়া নহল।
অসমত বিৰোধীৰ মূলত কংগ্ৰেছ-AIUDF কিন্তু তেওঁ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহোঁতে কংগ্ৰেছে আমাক বৈঠকলৈ নিমন্ত্ৰণ নকৰিলে।কংগ্ৰেছৰ লগত AIUDF দলৰ মিত্ৰতা নাই।কিন্তু বিৰোধী ঐক্যবদ্ধ প্ৰাৰ্থীৰূপে কংগ্ৰেছে মন বহল কৰি সকলোকে মাতিব লাগিছিল।৫২শতাংশ বিৰোধী ভোট থকাৰ পিছতো ঐক্যবদ্ধভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনত যুজঁ দিব নোৱাৰাতো শুভ লক্ষণ নহয়- ইছলামে কয়।
ইফালে ঐক্যবদ্ধ বিৰোধী অবিহনে বিজেপিক পৰাস্ত কৰা সম্ভৱ নহয়।ভাৰতৰ বৃহৎ ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হ’ব নোৱাৰিলে বিজেপিক সুবিধা কৰি দিয়া হ’ব।AIUDF সৰুদল ঐক্যবদ্ধ বিৰোধীত আন্তৰিকতাৰে থাকিম।বিৰোধী বৃহৎ দলসমূহে ত্যাগ কৰিব নোৱাৰিলে ডাঙৰ বিপদ সন্মুখত থকা বুলিও ইছলামে কয়।
কংগ্ৰেছ নেতৃত্বৰ অযোগ্যতাৰ বাবে নিজৰ নাওঁ নিজেই ডুবিছে৷ভোটৰ শতাংশ আজিৰ সময়ত কংগ্ৰেছ-AIUDFৰ বেছি পাৰ্থক্য নাই।কংগ্রেছে জমিদাৰী অহংকাৰ ভাৱ এৰিব নোৱাৰিলে উন্নতি নহয়।ত্যাগৰ মনোভাৱেৰে সৰু সৰু দলসমূহক সন্মানেৰে ঐক্য মঞ্চত থিয় কৰাব নোৱাৰিলে নিজে ডুবিব আৰু আনকো ডুবাব কংগ্ৰেছে-AIUDFৰ বিধায়ক গৰাকীয়ে কয়।
অসম কংগ্ৰেছ-বিজেপিৰে বুজা-বুজি থকা যেন লাগে।কংগ্ৰেছে অহা ২৪ৰ নিৰ্বাচনত অকলে অৱতীৰ্ণ হলে থকা তিনিটা সমষ্টিও হেৰুৱাব লাগিব।বৰপেটা, নগাঁও আৰু কলিয়াবৰ কংগ্ৰেছৰ হাতৰ পৰা যাব।বিগত নিৰ্বাচনত AIUDFয়ে নগাঁও-কলিয়াবৰত প্ৰাৰ্থী নিদিয়াৰ বাবেহে জয়ী হৈছিল কংগ্ৰেছ।শক্তিহীন কংগ্ৰেছে দম্ভালি অহংকাৰ যদি এৰিব নোৱাৰে তেন্তে ভাবিবলৈ অৱকাশ নাথাকিব ৷
- Log in to post comments
- 2 views