
নিউজ ডেস্ক:
'বিধায়ক অখিল গগৈয়ে মাহত পাঁচ বাৰকৈ ক্ষমা খোজা ব্যক্তি।সতীৰ্থ বিধায়কৰূপে আমাৰ লাজ লাগে।নিজকে কিমান পানীৰ মাছ জুখি নাচায়'- মন্তব্য বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।
গণ ভিত্তি-জনপ্ৰিয়তা জুখি নাচায়, ৰাস্তাত থাকি সদায় অশ্লীল কথা-বাৰ্তা কোৱা মানুহ অখিল-তেওঁ লগতে কয় ।
শিৱসাগৰৰ বিধায়ক গৰাকীক পৰামৰ্শ এআইইউডিএফ বিধায়ক ৰফিকুল ইছলামৰ।"ৰাস্তাত আন্দোলন কৰা অখিল গগৈ অসম বিধানসভাৰ সন্মানীয় বিধায়ক হৈছে। শিষ্টাচাৰ-ভাষা ভালদৰে শিকক, কটনৰ দৰে আগশাৰীৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ব্যক্তি,বিধায়কৰ যিবিলাক প্ৰট’কল আছে সেইসমূহৰ প্ৰশিক্ষণ লওঁক"।
উল্লেখ্য যে দ্ৰৌপদী মূৰ্মু প্ৰসংগত বিতৰ্কিত মন্তব্য কৰি আদিবাসীৰ ৰোষত পৰিছিল।আজি পুনৰ বিতৰ্কিত ভাষ্য প্ৰসংগত ৰাইজক ক্ষমা বিছাৰিছে ৷
- Log in to post comments
- 7 views