
নিউজ ডেস্ক:
বিৰোধীত থাকিলে সমষ্টিৰ উন্নয়নত বাধা অহা দোহাই দি এআইইউডিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰা ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰে অসহায় অৱস্থাৰ কথা স্বীকাৰ কৰে।'কোনো ৰাজনৈতিক প্ৰভাৱ নথকা ভৱানীপুৰ সমষ্টিত মই বিজেপিত অহাৰ পিছত ৰাজনৈতিক প্ৰভাৱ পৰিছিল।কিন্তু প্ৰকৃতিয়ে থান-বান কৰি দিলে, থানবান সমষ্টিটো নিৰ্মান কৰোঁতে মোক সময় লাগিব।মানসিক ভাৱে মই ভাৰাক্ৰান্ত হৈছোঁ।মোৰ সমষ্টিটোত একোৱেই নাই'- ফণী তালুকদাৰে কয়।
উল্লেখ্য যে ২০০৬চনৰ পৰা অসম গণ পৰিষদৰ দখলত থকা সমষ্টিটো, ২০১১-১৬চনলৈ এআইইউডিএফ দলৰ দখলত আছিল।বিজেপিলৈ আহি মুখ্যমন্ত্ৰীৰ সৈতে লগ হৈ সমষ্টিটো নিৰ্মাণ কৰিম বুলি যো-জা চলাই থাকোঁতেই প্ৰকৃতিয়ে ধ্বংস কৰি পেলালে সকলো।
- Log in to post comments
- 7 views