প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা ভূপেন বৰাই পদত্যাগ কৰিব লাগে- বিধায়ক ফণী তালুকদাৰ

A

নিউজ ডেস্ক:
'বিগত ৮টা নিৰ্বাচনত বিগ জিৰ' কংগ্ৰেছ, ছেমিফাইনেল -ফাইনেল খেলাৰ যোগ্যতা নাই।ভূপেন বৰাই সভাপতিৰ পদ শীঘ্ৰে ত্যাগ কৰিব লাগে'- এই মন্তৱ্য বিধায়ক ফণী তালুকদাৰৰ।কংগ্ৰেছ দলত এটা সময়ত মই আছিলোঁ, ভূপেন বৰাৰ পাৰদৰ্শিতা জানো।ছোনিয়া মেডামে কিয়, এনে কৰিলে সেইটোহে গম নাপালোঁ।আমি বিচাৰোঁ শক্তিশালী বিৰোধীক।শক্তিশালী বিৰোধী নহলে নতুন বিধায়ক-কাউঞ্চিলাৰসকলে কাম শিকা আৰু কৰাটো কষ্ট হয়।কিন্তু ভূপেন বৰাই বিৰোধীৰ ভূমিকা শূণ্য কৰি পেলাইছে-কটাক্ষ কৰি কয়  ভৱানীপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক গৰাকীয়ে ৷
আনহাতে কংগ্ৰেছ-এআইইউডিএফ ভাই ভাই বুলি কৈ বিধায়ক তালুকদাৰে কয় যে- কংগ্ৰেছৰ বিকল্পৰূপে মূল বিৰোধী এটা সময়ত এআইইউডিএফ হ’ব পাৰে।৩০টা সংখ্যালঘু সমষ্টিত কংগ্ৰেছতকৈ এআইইউডিএফ বেছি শক্তিশালী তথা প্ৰভাৱশালী।সেই হিচাপে কংগ্রেছতকৈ আগত এআইইউদিএফে এদিন ষ্টেণ্ড কৰিব পাৰে বুলি আশা ব্যক্ত কৰে তালুকদাৰে।
ইফালে কংগ্ৰেছ-এআইইউডিএফৰ মাজৰ সংঘাতৰ প্ৰসংগত সোধা প্রশ্নৰ উত্তৰত ভৱানীপুৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে কয়-অসমত ৩০টা সংখ্যালঘু সমষ্টি আছে, তাতে কংগ্ৰেছ-এআইইউডিএফ আবদ্ধ থাকিব।সমষ্টি বৃদ্ধিও নাপায় আৰু তেওঁলোকৰ বিস্তাৰো নহয়।এদিন কংগ্ৰেছ-এআইইউডিএফয়ে জোঁটবন্ধন কৰিব লাগিব।কংগ্ৰেছ-এআইইউডিএফৰ প্ৰভাৱত থকা ৩০টা সমষ্টিত একেলগ নহলে বিগ জিৰ’ হ’ব।
আনহাতে চলিত মাহতে দিছপুৰত থকা পুৰণি বিধায়ক আৱাসসমূহ নিৰ্মাণৰ বাবে খালী কৰিবলৈ দিয়া নির্দেশনামানি ১৬জুলাইত বিধায়ক আৱাস খালী কৰিব ফণী তালুকদাৰে।নতুন গৃহ নিদিয়া পৰ্যন্ত গুৱাহাটীৰ নিজৰ ঘৰতে থাকিব।
ইফালে মূল্যবৃদ্ধিৰ কাৰণ ব্যাখ্যা কৰি কয় যে, বানপানীৰ বাবে প্ৰয়োজনীয় শাক-পাচলি দূৰৰ পৰা আনিব লগা হৈছে।যাতায়তৰ খৰছ বেছি হোৱা বাবে মূল্যবৃদ্ধি হৈছে।

Your Comments