
নিউজ ডেস্ক:
"সাংসদ বদৰুদ্দিন আজমলৰ নাম নলবলৈ প্ৰদেশ কংগ্ৰেছক গান্ধী পৰিয়ালে বাধা দিছে।আজমলৰ লগত মধুৰ সম্পৰ্ক আছে কংগ্ৰেছৰ।আজমলৰ বেয়া কাম বোৰক সমালোচনা কৰাৰ বাবে নাম নলবলৈ বাধা দিয়া হৈছে"- এই মন্তৱ্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ।
প্ৰয়োজনৰ তাগিদাত আজমলৰ সৈতে সদায় যোগ হ’ব কংগ্ৰেছ।গান্ধী পৰিয়ালৰ নিৰ্দেশ -আজমল আমাৰ ভাতৃ।আজমলে কেতিয়াও ৰাহুল গান্ধী, ছোনিয়া গান্ধীক সমালোচনা নকৰে।ঠিক একেদৰে ৰাষ্ট্ৰীয় নেতৃত্বয়ো আজমলক সমালোচনা নকৰে।ৰাইজক বিভ্ৰান্ত কৰিবৰ বাবে ৰাজ্যিক নেতৃত্বই এইবোৰ নাম নোলোৱা নাটক কৰি থাকে- বৰুৱাই কয়।
ইফালে ২০২৪ৰ লোকসভা নির্বাচনৰ প্ৰসংগত মন্ত্ৰী বৰুৱাই কয়-বিজেপিত ৰিপৰ্ট কাৰ্ডৰ কথা নাই, প্ৰতিটো নিৰ্বাচনত ২৫-৩০শতাংশই টিকট নাপায়।তেনে স্থলত নতুন মানুহে টিকট পায়।ৰাজ্যৰ বিৰোধীৰ দখল থকা লোকসভাৰ সমষ্টি সমূহত বিজেপিয়ে আগন্তুক নিৰ্বাচনত দখল কৰা বাবে নিয়োগ কৰিছে এগৰাকীকৈ ৰাজ্যসভা সাংসদক - এই কথা জনাইছে বৰুৱাই।
- Log in to post comments
- 8 views