
নিউজ ডেস্ক:
অহা লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে।এআইইউদিএফৰ দখলত থকা ধুবুৰী লোকসভা বিজেপিয়ে নিজৰ দখললৈ অনা বাবে সমষ্টিটোত নিযুক্তি দিছে এগৰাকী তত্বাৱধায়ক। বিজেপি ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক সমষ্টিটো নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰিছে ৰাজ্যিক বিজেপিয়ে।
উল্লেখ্য যে বদৰুদ্দিন আজমলৰ দখলত থকা সমষ্টিটো ২০২৪ৰ লোকসভাৰ নিৰ্বাচনত দখল কৰা বাবে সকলো ৰণকৌশল প্ৰস্তুত কৰিব বিজেপিয়ে।
ইফালে লোকসভাত ১৪টা সমষ্টিয়ে দখল কৰাৰ কথা সদৰী কৰি সাংসদ গৰাকীয়ে কয়-সকলো ধৰ্মৰ ব্যক্তিয়ে বিজেপিক ভোট দিয়ে,আমাৰ নেতৃত্বৰ ওপৰত বিশ্বাস -আস্থা আছে।মিত্ৰগোটসমূহৰ প্ৰতিও বিজেপিৰ সদায় শ্ৰদ্ধাশীল মনোভাৱ আছে।সংখ্যালঘু-সংখ্যাগুৰু সকলো ভোট লাভ কৰিম।
আনহাতে কংগ্ৰেছক কটাক্ষ কৰি মাৰ্ঘেৰিটাই কয় যে কংগ্ৰেছৰ এতিয়া কোনো স্থিতি নাই, কংগ্রেছ সভাপতি ভূপেন বৰাই সংখ্যালঘুৰ প্ৰতি সদয় বুলি চোলা খুলি প্ৰতিষ্ঠা কৰিব বিচাৰে।কবিতাৰ মৰ্যদা নাশ কৰি পেৰডি সদৃশ অদ্ভুত কবিতা লিখাত ব্যস্ত বৰা।পেৰডি কবিতা লিখা ব্যক্তি নেতৃত্বত থকা দলক সমালোচনা কৰি সময় নষ্ট নকৰো।কংগ্ৰেছৰ মাজত এতিয়া ৬-৭টা লবি, যদু বংশ ধ্বংস হোৱা দৰে ধ্বংস হৈছে কংগ্ৰেছ।কংগ্ৰেছ এআইইউডিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি, তেওঁলোক আপোন।
- Log in to post comments
- 4 views