ভূপেন বৰাৰ ফটোৱা জাৰি; ৰাজীৱ ভৱনত সাংসদ বদৰুদ্দিন আজমলৰ নাম লোৱাটো নিষিদ্ধ

A

নিউজ ডেস্ক:
অসম প্ৰদেশ কংগ্ৰেছৰ ৰোষত এআইইউডিএফ প্ৰধান সাংসদ বদৰুদ্দিন আজমল।ৰাজীৱ ভৱনত আজমলৰ নাম লোৱাত ফটোৱা জাৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷কোনো কংগ্ৰেছীয়ে এতিয়াৰ পৰা উচ্চাৰণ কৰিব নোৱাৰিব আজমলৰ নাম।আজমলৰ উপৰিও ধৰ্মৰ নামত বিদ্বেষ বিয়পোৱা যিকোনো নেতাৰ নাম লব নোৱাৰিব কংগ্ৰেছীয়ে।শনিবাৰে এই কথা স্পষ্ট কৰিলে সভাপতি ভূপেন বৰাই।
উল্লেখ্য যে,শেহতীয়াকৈ এআইইউডিএফ প্ৰধান আজমলে কংগ্ৰেছ দল তথা নেতৃত্বক কটাক্ষ কৰি বিভিন্ন বিৰূপ মন্তৱ্য প্ৰকাশ কৰি আহিছিল।কথাৰ বাকযুদ্ধ চৰম পৰ্যায় হোৱাত ৰাজীৱ ভৱনত নাম লোৱা নিষিদ্ধ কৰে মৌলানা বদৰুদ্দিন আজমলৰ।
তাৎপৰ্যপুৰ্ণ কথা এই যে, ২১ৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰে মহাজোঁটৰ অংশীদাৰ আছিল এআইইউদিএফ।নিৰ্বাচন শেষ হোৱাৰ পিছত ভংগ হৈছিল মহাজোঁট।পৰৱৰ্তী সময়ত পুনৰ ৰাজ্যসভা নিৰ্বাচনত বিৰোধী উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাক জয়ী কৰাৰ বাবে এআইইউডিএফৰ কাষ চাপিছিল কংগ্ৰেছ।কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনৰ এটা দিন পূৰ্বে দুয়ো দলৰ মাজত ভোট প্ৰদান কৰা নকৰাক লৈ সৃষ্টি হয় সংঘাতৰ।পৰৱৰ্তী সময়ত বিৰোধী উমৈহতীয়া কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰা পৰাস্ত হৈছিল।

Your Comments