কোৰবাণীক লৈ বিতৰ্ক বিজেপিৰ ফালৰ পৰা কৰা হোৱা নাই- বিধায়ক দিগন্ত কলিতা

A

নিউজ ডেস্ক:

"ভাৰত এখন হিন্দু ৰাষ্ট্ৰ, ভাৰতীয় সভ্যতাত কোনো ধৰ্মৰ বিৰুদ্ধাচৰণৰ কথা নাই।কোৰবাণী বিতৰ্ক বিজেপিৰ ফালৰ পৰা কৰা হোৱা নাই"-এই মন্তৱ্য বিধায়ক দিগন্ত কলিতাৰ।কোৰবাণী প্ৰসংগত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে  জাৰি কৰা নিৰ্দেশনা প্ৰসংগত বিজেপিৰ বিধায়ক জনে কয়- ইতিমধ্যে অসম চৰকাৰে আইন প্ৰণয়ন কৰিছে।আইন মতে অসমত কোৰবাণী নিয়ম চলিব।নির্দেশনাত ভাবিব লগা বহুত বিশেষ একো নাই।
আনহাতে একাংশই কোৰবাণীক লৈ নিৰ্দেশনা জাৰি কৰাক লৈ হিন্দুৰ পূজা অৰ্চনাত কিয় নিৰ্দেশনা জাৰি কৰা নহয় বুলি কৰা প্ৰশ্নত বিধায়ক কলিতাই কয়- মা কামাখ্যাক কোৰবাণীৰে তুলনা নকৰিব,দুয়োটা সুকীয়া বিষয়।অম্বুবাচী মেলা পাতিলেও নীতি-নিয়ম জাৰি হয়।এইয়া গতানুগতিক প্ৰক্ৰিয়া, এনেধৰণৰ কথাবোৰেৰে হিন্দু আৰু মুছলমানৰ মাজত বিভাজন নানিব।বিধানসভাত মুকলিকৈ কোনোধৰণৰ লুক-ঢাক নকৰাকৈ আইনখন প্ৰনয়ন কৰিছোঁ।
ইফালে কংগ্ৰেছ বিধায়ক আব্দুল ৰচিদ মণ্ডলে অসম চৰকাৰৰ নির্দেশনাৰ বিৰুদ্ধে আইনৰ দ্বাৰস্হ হ’ব বুলি কোৱা প্ৰসংগত বিধায়ক গৰাকীয়ে কয়- মুছলমানে আইনত লিখা কথা মানি চলে বুলি আব্দুল ৰচিদ মণ্ডলে নিজেই কৈছিল।তাৰ পিছত আইন-আদালত কিয় যায় নাজানোঁ, যদি যাব বিচাৰে যাওঁক।

Your Comments