কংগ্ৰেছে টেমাত জুখিছিল, বিজেপিয়ে কাটাত ওজন কৰি বান সাহায্য দিছে- বিধায়ক হেমাংগ ঠাকুৰীয়া

A

নিউজ ডেস্ক:

"কংগ্ৰেছৰ চৰকাৰ থাকোঁতে টেমাত জুখি বান সাহায্য দিছিল কিন্তু আজি আমাৰ বিজেপি চৰকাৰে কাটাত জুখি-জুখি দিছে"-এই মন্তব্য বিধায়ক হেমাংগ ঠাকুৰীয়াৰ ।দুই টেমাকৈ সাহায্য দিয়া কথা আজি কোনেও পাহৰা নাই।তেওঁলোকৰ চৰকাৰ থাকোঁতে বান সাহায্য দিয়াৰ তদাৰক নকৰিলে কিন্তু বিজেপি চৰকাৰে দিয়া সাহায্য তদাৰক কৰিবলৈ আহিছে বুলি ঠাকুৰীয়াই কয়।মুখ্যমন্ত্ৰীয়ে বান সাহায্য সঠিক ভাৱে দিয়া বাবে বিষয়া-কৰ্মচাৰীক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে।প্ৰতিজন উপায়ুক্তৰ কাম তদাৰক কৰিছে মুখ্যমন্ত্ৰীয়ে।এনেধৰণৰ ক্ষীপ্ৰ গতিৰে আগতে কোনো দিনে সাহায্য পোৱা নাই বুলিও বিজেপি বিধায়ক গৰাকীয়ে কয়।
আনহাতে বিজেপিয়ে হিতাধিকাৰী ৰাজনীতি কৰা বুলি কংগ্ৰেছে তোলা অভিযোগ নস্যাৎ কৰি ঠাকুৰীয়াই কয়- বিজেপিয়ে জনতাক হিতাধিকাৰী কৰা প্ৰয়োজন নাই।তেওঁলোক ইতিমধ্যে বিজেপিত আছে।হিতাধিকাৰীক নতুনকৈ বিজেপিকৰণ কৰা প্ৰয়োজন নাই।ইতিমধ্যে তেওঁলোক আমাৰ লগতে আছে।
ইফালে কংগ্রেছ সভাপতি ভূপেন বৰাই চৰকাৰে সাহায্য দিবলৈ টকা নাই বুলি কোৱা প্ৰসংগক উভতি ধৰি তেওঁ  কয়- ৮টা নিৰ্বাচন পৰাজিত হোৱাৰ পিছত ভূপেন বৰাৰ এতিয়া কাম বিজেপিক গালি পৰাৰ বাহিৰে একোৱে নাই।বৰাই নিজেই প্ৰতিদ্বন্দিতা কৰা বিহপুৰীয়া সমষ্টিত ৰাইজে গৰাখহনীয়া অৱস্থাত জুৰুলা হৈ আছে।ৰাইজে বাৰম্বাৰ তেওঁলোকৰ কংগ্ৰেছ চৰকাৰৰ দিনত সমস্যাৰ সমাধান বিচাৰিছিল কিন্তু সমাধানেই কৰিব নোৱাৰিলে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক যিবোৰ প্ৰতিশ্ৰুতি দিছিল পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰিছে- ঠাকুৰীয়াই লগতে কয়।

Your Comments