বানাক্ৰান্তক সহায় কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে ২৫ জুনলৈ বাতিল কৰিলে দলৰ সকলো কাম কাজ

A

নিউজ ডেস্ক:

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে ৰাজ্যিক বিজেপিয়ে অহা ২৫জুন পৰ্যন্ত বাতিল কৰিছে সকলো সাংগঠনিক কাম-কাজ।বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।বানাক্ৰান্ত সকলৰ কাষত থিয় হ'বলৈ কাৰ্যকৰ্তা সকলক আহ্বান জনাই সাংসদ গৰাকীয়ে কয়-সকলো দল-মত আদৰ্শ এক হৈ ৰাইজক সহায় কৰাৰ সময় এইয়া ।
ইফালে কংগ্ৰেছে আৰম্ভ কৰা পূজা অৰ্চনাক লৈ প্ৰতিক্ৰিয়া প্রকাশ কৰি মাঘেৰিটাই কয়- পূজা কৰক, কিন্তু কেৱল প্ৰচাৰ বা BJP ক তাচ্ছিল্য কৰিবলৈ যদি কৰিছে সেয়া বেয়া কথা।এতিয়া পূজা, কবিতা লিখা, প্ৰতিবাদত ব্যস্ত থকাৰ পৰিবৰ্তে ৰাইজৰ কাষত থিয় দিয়াৰ সময়।

Your Comments