আজমলৰ কাষত শ্বেৰমান; ভূপেন বৰা আহিলেও আমাৰ দুৱাৰ মুকলি আছে- আজমল

A

নিউজ ডেস্ক:

দিছপুৰৰ বিধায়ক আৱাসত চিৰাজুদ্দিন আজমলৰ বাসগৃহত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদ।AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ কাষত বাঘবৰৰ বিধায়ক গৰাকী।গামোচা পিন্ধাই আমজলৰ আদৰণি শ্বেৰমানক।উল্লেখ্য যে দ্বিতীয়বাৰলৈ শ্বেৰমানে সাক্ষাৎ কৰে AIUDF প্ৰধান আজমলক।তাৎপৰ্যপূৰ্ণ কথা যে AIUDFত যোগদান কৰিব বুলি শ্বেৰমানৰ চৰ্চা চলি থকা সময়তে সঘনে আজমলক সাক্ষাৎ কৰা ঘটনাই প্ৰায় নিশ্চিত কৰিছে যোগদান।
ইফালে শ্বেৰমান আজমলৰ ঘৰলৈ যোৱাৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত আজমলে কয়-মোৰ ঘৰলৈ আহিয়ে থাকে।দলত ঘুৰি আহিব নে নাই সেইয়া নকওঁ। AIUDFৰ দুৱাৰ সকলোৰে বাবে খোলা আছে।ভূপেন বৰা আহিলেও আহিব পাৰে।আলহীৰূপে দুপৰীয়া আহাৰ খাবলৈ আহিছে গামোচাৰে আদৰণি জনাইছো।
আনহাতে আজমলৰ কাষত বহি শ্বেৰমানে কংগ্রেছক কটাক্ষ কৰি কয়- কংগ্ৰেছৰ লগত মোৰ আদৰ্শগত সংঘাত চলি আছে।যিসমূহ প্ৰশ্ন কৰিছো তাৰ উত্তৰ কংগ্ৰেছে দিয়া নাই।ডিচেম্বৰলৈ মই অপেক্ষা কৰিম। এটা ঋণাত্মক উত্তৰ আহিলেই দল ত্যাগ কৰিম।যদি আটাইকেইটা দাবী মানি লয় তেন্তে দুগুণ শক্তিৰে কংগ্রেছৰ হৈ কাম কৰিম। 
"বৰ্তমান সকলো অনিশ্চয়তাত আছে৷কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ ত্যাগ কৰি হয় YES নহয় NO কওঁক"- বিধায়ক শ্বেৰমানে কয়।
ইফালে আজমলক প্ৰশংসা কৰি শ্বেৰমানে কয়- তেওঁ মোৰ সন্মানীয় ব্যক্তি।তেখেতৰ নিমন্ত্রণত মই ইয়ালৈ আহিছো। 
আনহাতে কংগ্রেছ দলটো নাইকিয়া হৈ গৈছে বুলি কটাক্ষ কৰি আজমলে কয়-ভূপেন বৰা হয় AIUDF নহয় BJP লৈ আহিব লাগিব।তাৰ বাহিৰে কোনো গত্যন্তৰ নাই।
ইফালে AIUDFৰ প্ৰাক্তন বিধায়ক ৰচুল হক বাহাদুৰো আজমলৰ বাসগৃহত উপস্থিত থাকে।

Your Comments