
নিউজ ডেস্ক:
গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ।কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সমৰ্থনত এই জংগী প্ৰতিবাদ কংগ্ৰেছৰ।২০১৫চনৰ এক গোচৰত ৰাহুল গান্ধীক আজি তৃতীয়দিনৰ বাবে ইডিয়ে জেৰা কৰাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে গঢ়ি তোলে প্ৰতিবাদ।
ইফাল গুৱাহাটীৰ ইডি কাৰ্যালয়লৈ প্ৰতিবাদকাৰীসকলে সমদল কৰা কথা আছিল যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে।প্ৰতিবাদকাৰীক চোচৰাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাৱণ আখ্যা প্ৰতিবাদীৰ।
ইফালে প্ৰতিবাদকাৰীৰে আৰক্ষীৰ হতাহতি হোৱাত আৰক্ষী বিষয়া ডিচিপি হিমাংশু দাস আহত হয়৷
উল্লেখ্য যে ১৪৪ধাৰা জাৰি হৈ থকাৰ বাবে প্ৰতিবাদৰ অনুমতি নাছিল।তাৰ পাছতো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ইফালে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা,ৰকিবুল হুছেইন প্ৰমুখ্যে শীর্ষ নেতাসকল ৷আৰক্ষীয়ে ভূপেন বৰা, ৰকিবুল হুছেইনক চোচৰাই লৈ যায়।বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ, ৰাহুক গান্ধী জিন্দাবাদ, অসম পুলিচ হায় হায় আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।
- Log in to post comments
- 10 views