
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মতে সাংসদ আব্দুল খালেকে হিমন্তৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ দিছিল -এই বিস্ফোৰক মন্তব্য বিধায়ক শ্বেৰমান আলীৰ।এটা সময়ত হিমন্তৰ সৈতে কংগ্ৰেছত বিদ্ৰোহ কৰিছিল তেওঁ। বিজেপিলৈ যাব নোৱাৰিহে কংগ্ৰেছত আছে খালেক।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা অসমবাসীয়ে জানে।দিছপুৰত সংবাদ মাধ্যমৰ সন্মুখত খালেকক কটাক্ষ কৰি AIUDFৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক জন।উল্লেখ্য যে ২০২৪ৰ লোকসভা নিৰ্বাচনত শ্বেৰমানে AIUDFৰ পৰা অৱতীৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।ইতিমধ্যে দলটোৰ প্ৰধান বদৰুদ্দিন আজমলৰ সৈতে দিছপুৰৰ বিধায়ক আৱাসত বৈঠকতো মিলিত হৈছে।
ইফালে কংগ্ৰেছ দলক আওপকীয়াকৈ সমালোচনা কৰি আলীয়ে কয় -সাহস আছে যদি কংগ্ৰেছে বহিষ্কাৰ কৰক ।অন্যথা কংগ্ৰেছক যিসমূহ প্ৰশ্ন কৰিছোঁ তাৰ উত্তৰ দিয়ক।
উল্লেখ্য যে আজি বৰপেটাৰ কংগ্ৰেছ সাংসদ গৰাকীয়ে কয় যে, শ্বেৰমান আলী কোন দলৰ মই নাজানো।শ্বেৰমান মোৰ প্ৰত্যাহ্বান হ’ব নোৱাৰে।শ্বেৰমানক ভোট দিলে বিজেপি দলক ভোট দিয়া দৰে হ’ব।আনহাতে AIUDF যিমানেই শক্তিশালী হলেও চৰকাৰ গঠন কৰিব নোৱাৰে।ধৰ্মীয় মেৰুকৰণ কৰাতহে AIUDFয়ে সহায় কৰিছে ৷
ইফালে খালেকৰ সমালোচনাক উভতি ধৰি আলীয়ে কয়- নিজৰ সমষ্টিত কি কাম কৰিলে খালেকে জনাওক।কাক ভোট দিলে কাম হ'ব বৰপেটাৰ ৰাইজে চাব।ৰাইজে ৰিপ'ৰ্ট কাৰ্ড দিব।আব্দুল খালেকৰ দৰে নেতা সুবিধাবাদী, কাৰো পক্ষত নাই।বিজেপিৰ বিৰুদ্ধে যুদ্ধ ঘোষণাৰ পৰিৱৰ্তে কংগ্ৰেছে এতিয়া AIUDFৰ লগত যুদ্ধ ঘোষণা কৰিছে।কংগ্ৰেছে কাৰো বাবে ভাল কৰিব পৰা নাই, কেৱল বঞ্চনাহে কৰিছে।
লাখ-লাখ খালেকে লগ হ'লেও AIUDFক ধ্বংস কৰিব নোৱাৰে।কংগ্ৰেছৰ কোনো অস্তিত্ব নাই।বিজেপিক শাসনৰ পৰা উফৰাবলৈ বিজেপি বিৰোধী অন্য দলবোৰ উজনি অসমত গৈ খোপনি পোতক।নামনিত বিজেপিৰ বিৰোধী এটা শক্তিকেই ৰাইজে ভোট দিব।
- Log in to post comments
- 10 views