
নিউজ ডেস্ক:
বিধায়ক পুঁজি হৰলুকীৰ অভিযোগত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ ৰোষত বিধায়ক ৰূপজ্যোতি কুৰ্মী।মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্ত সন্দৰ্ভত কুৰ্মীয়ে কয়- মূৰ্খ আৰু জধামূৰ্খইহে তদন্ত বিচাৰে বিধায়ক পুঁজিৰ।দিছপুৰৰ বিধায়ক আৱাসত সংবাদমেল সম্বোধন কৰি তেওঁ কয় মই ২০০৬চনৰ পৰা বিধায়ক হৈ আছোঁ।কিন্তু বিধায়ক পুঁজিৰ তদন্ত ২০১১ৰ পৰাহে কিয়!২০০৬চনৰ পৰা তদন্ত কৰক।
আনহাতে তদন্তকাৰী দলটো চাৰিজনীয়া কিয়, বিশ জনীয়া তদন্ত কমিটী দিয়ক বুলিও বিধায়ক কুৰ্মীয়ে কয়।প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ৰূপজ্যোতিয়ে ৷
ইফালে জ্যোতিষীয়ে দিয়া আঙুঠি পিন্ধি থকাৰ বাবে আৰু পাঁচবাৰ বিধায়ক হ’ম, তাত কোনেও ৰখাব নোৱাৰে।“জীয়াই থকালৈ মৰিয়নী সমষ্টিৰ বিধায়ক হৈ থাকিম'' বুলিও মন্তব্য প্ৰকাশ কৰে কুৰ্মীয়ে ৷
- Log in to post comments
- 23 views