জয়ন্ত-নন্দিতাই কি বিভাগ পালে পঢ়ক; পাঁচ গৰাকী মন্ত্ৰীৰ বিভাগ কৰ্তন

A

 

 

নিউজ ডেস্ক:

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বৰ শৰ্মাৰ মন্ত্ৰীসভাত ব্যপক সাল -সলনি।বিগত এবছৰৰ কৰ্ম দক্ষতাৰ ভিত্তিত বহুকেইটা বিভাগ কৰ্তন কৰা হ'ল কেইবাগৰাকীও মন্ত্ৰীৰ পৰা।কৰ্তন হ'ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দুটা বিভাগ।পাটোৱাৰীৰ হাতত থকা উদ্যোগ আৰু বাণিজ্য, পৰিবহণ বিভাগ কৰ্তন কৰা হয়।পাটোৱাৰীক নতুনকৈ পৰিৱেশ আৰু বন বিভাগৰ দায়িত্ব অপৰ্ণ।
ইফালে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰা বন বিভাগ কৰ্তন কৰি পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে।
একেদৰে মন্ত্ৰী ৰঞ্জিত দাসৰ পৰা কৰ্তন কৰা হৈছে সমবায় আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ।নতুনকৈ শপত গ্ৰহণ কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক জনস্বাস্থ্য,পৰ্যটন আৰু কৌশল বিকাশৰ মন্ত্ৰীত্ব প্ৰদান।
আনহাতে শৰ্মাৰ মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত নন্দিতা গাৰ্লোছাক শক্তি, সমবায়, খনি, পৰম্পৰাগত বিশ্বাস বিভাগ অপৰ্ণ কৰা হৈছে।
উল্লেখ্য যে মন্ত্ৰী বিমল বৰাৰ পৰা শক্তি বিভাগ কৰ্তন কৰি উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব অপৰ্ণ কৰা হৈছে।একেদৰে মন্ত্ৰী যোগেন মহনৰ পৰা খনি বিভাগ কৰ্তন কৰি দায়িত্ব দিয়া হ'ল নন্দিতা গাৰ্লোছাক।
তাৎপৰ্যপূৰ্ণ কথা এই যে,হিমন্তৰ মন্ত্ৰীসভাত আজি নতুনকৈ শপত গ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোছাই ।ৰাজ্যপাল জগদীশ মুখীয়ে দুয়োকে  পাঠ কৰায় শপত বাক্য।

B

Your Comments