
নিউজ ডেস্ক:
বহু প্ৰত্যাশিত আশা-আকাংক্ষাৰ অন্তত আজি নলবাৰী সমষ্টিত আনন্দ উল্লাসৰ সৃষ্টি হয়।আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নতুনকৈ দুজন মন্ত্ৰী সভাৰ তালিকাত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নাম অন্তৰ্ভুক্তি কৰাত সমষ্টিটোৰ লগতে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলতো আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়।উল্লেখ্য যে বিগত প্ৰায় কুৰিবছৰ ধৰি নলবাৰী সমষ্টিৰ পৰা কোনো এজন বিধায়কৰ নাম অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্তি হোৱা নাই।তদানীন্তন অগপ চৰকাৰৰ প্ৰয়াত মন্ত্ৰী নগেন শৰ্মাৰ পিছৰে পৰা অসম মন্ত্ৰী সভাত কোনো মন্ত্ৰী নাছিল।বিগত কুৰি বছৰৰ কাৰ্যকালত সমষ্টিটোত কংগ্ৰেছ-বিজেপিকে ধৰি কেইবাগৰাকীও বিধায়ক হ'ল যদিও কোনো এগৰাকীয়ে মন্ত্ৰীত্ব লাভ কৰা নাছিল। বৰ্তমানৰ ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালৰ প্ৰথম অৱস্থাতে নলবাৰী সমষ্টিৰ বিধায়কগৰাকীয়ে অসম মন্ত্ৰীসভাত মন্ত্ৰীত্ব পাব বুলি সমষ্টিবাসীয়ে আশা প্ৰকাশ কৰিছিল।কিন্তু পৰিশেষত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পদতে বিধায়কগৰাকী ক্ষান্ত থাকিব লগীয়া হয়৷কিন্তু বিধায়ক গৰাকীৰ নিজৰ পাৰদৰ্শিতা আৰু দক্ষতাৰ ভিত্তিত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ মন্ত্ৰী সভাখনত জয়ন্ত মল্ল বৰুৱাক অন্তৰ্ভুক্তি কৰাত সমষ্টিবাসীৰ লগতে ঘগ্ৰাপাৰ অঞ্চলৰ বিজেপিৰ দলীয় কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈ পৰিছে। উল্লেখ্য যে আজি বিধায়কগৰাকীৰ মন্ত্ৰীত্ব লাভৰ খবৰ পোৱাৰ পিছতে ঘগ্ৰাপাৰস্থিত বিজেপিৰ মণ্ডল সমিতিৰ কাৰ্যলয়ৰ সন্মুখত একাংশ দলীয় কৰ্মীয়ে ফটকা আৰু আতছবাজীৰে আনন্দ প্ৰকাশ কৰি বিধায়কগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।ইফালে বিধায়কগৰাকীৰ এই শুভেচ্ছা বাৰ্তা লাভ কৰাৰ পিছতে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,মণ্ডল অ'বি চি মৰ্চা সভাপতি ৰঞ্জিত দাস,উপসভাপতি দ্বিজেন দাসৰ নেতৃত্বত এটা বৃহৎ দলে নৱস্থানপ্ৰাপ্ত মন্ত্ৰীগৰাকীক দিছপুৰৰ আৱাস গৃহত অভিনন্দন জনায়।
- Log in to post comments
- 9 views