
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী হিমন্তৰ মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ বিপিএফৰ বিধায়ক দুর্গা দাস বড়োৰ গুৰুত্বপূৰ্ণ মন্তৱ্য।ৰাজ্যসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে আমাক আশ্বাস দিছিল।মন্ত্ৰীসভা সাল-সলনি হলে বিপিএফৰ পৰা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব।কিন্তু বিজেপিৰ সৈতে চৰ্তহীন ভাৱে আমি আছোঁ।
ইফালে বি.টি.চিত চৰকাৰ গঠনৰ বাবে বি পি এফৰ সংখ্যাৰ সমস্যা হোৱা নাই বুলি উল্লেখ কৰি বড়োৱে কয়- চৰকাৰ গঠন কৰিব পৰা সংখ্যা আছে আমাৰ হাতত।ইউ পি পি এলৰ ১২-১৩গৰাকী পাৰিষদে আমাৰ সৈতে যোগাযোগ কৰি আছে।প্ৰমোদ বড়োৱে আজিৰ দিনটোত অন্য ৰাজনীতিৰ চিন্তা কৰিব পাৰিছে বুলি নাভাবোঁ।মাত্র চকীখন ৰক্ষা কৰিব পৰাটোৱে তেওঁৰ বৰ্তমানৰ শেষ ৰাজনীতি।
আনহাতে বিটিচিত ইউপিপিএলৰ চৰকাৰ ভংগ কৰি বিপিএফে চৰকাৰ গঠন কৰিব পাৰে।মুখ্যমন্ত্ৰীৰ অনুমতি নোপোৱা বাবে আমি এই মুহূৰ্তলৈ চৰকাৰ গঠনৰ বাবে পাৰিষদৰ সমৰ্থিত তালিকা দাখিল কৰা নাই।
ইফালে বিগত বিত্তীয় বৰ্ষত নিৰ্ধাৰিত পুঁজি প্ৰমোদ বড়োৱে খৰছ কৰিব পৰা নাই বুলিও বি পি এফৰ বিধায়ক গৰাকীয়ে কয়।
- Log in to post comments
- 11 views