মুখ্যমন্ত্ৰী হিমন্তৰ পৰিয়ালৰ পিপিই কীট কেলেংকাৰীৰ বিৰুদ্ধে বিধানসভাক সদন কমিটি গঠনৰ দাবী জনাব দেৱব্ৰত শইকীয়াই

A

নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পিপিই কীট কেলেংকাৰীৰ তদন্তৰ বাবে অসম বিধানসভাৰ অধ্যক্ষক সদন কমিটি গঠনৰ দাবী জনাব কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।বিধানসভাৰ অধ্যক্ষক শীঘ্ৰে সাক্ষাৎ কৰিব শইকীয়াই।দেওবাৰে সংবাদ মাধ্যমক এই কথা জানিব দিয়ে শইকীয়াই।উল্লেখ্য যে কোভিডৰ সময়ত পিপিই কীট আৰু চেনিটাইজাৰ যোগানৰ নামত কোটি টকা কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰী হিমন্ত পৰিয়ালৰ বিৰুদ্ধে।মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা কোম্পানীক ঠিকা প্ৰদান কৰি বৃহৎ পুঁজি আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে।ইতিমধ্যে বিষয়টোৱে দিল্লীতো চৰ্চা লাভ কৰিছে।
আনহাতে কাৰ্বি আংলং পাৰিষদীয় নিৰ্বাচনৰ প্ৰসংগত শইকীয়াই কয়-দুৰ্নীতি সদাগৰ হিচাপে পৰিচিত তুলি ৰাম ৰংহাঙক কাষত লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে।বিজেপিৰ প্ৰলোভনৰ ৰাজনীতিৰ বিৰুদ্ধে আমি যুঁজ দিছোঁ।

Your Comments