
নিউজ ডেস্ক:
অসমৰ পিপিইকীট কেলেংকাৰী প্ৰসংগক লৈ দিল্লীৰ কেজৰীৱাল চৰকাৰৰ শিক্ষামন্ত্ৰী মনীষ চিচ'ডিয়াৰ সংবাদমেল।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নাম সাঙোৰ খাইছে।"The Wire আৰু The Cross Current ৰ বিশেষ প্ৰতিবেদনত উন্মোচন হৈছে কেলেংকাৰীৰ তথ্য।
সংবাদমেলত তেওঁ কয়-দুই সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদন মৰ্মে চীনৰ পৰা আমদানি কৰা ৫০হাজাৰ PPE কিটৰ হিচাপ বিচাৰিছিল সংস্থা দুটাই।কিন্তু চৰকাৰ তথা এন এইচ এমে দিব নোৱাৰিলে কোনো তথ্য।
অভিযোগ উঠিছে ১৮টকীয়া চেনিটাইজাৰ ১০০টকাত যোগান ধৰিছিল চৰকাৰক।চিচ'ডিয়াই কয়- "ইয়াকেই কোৱা হয় ভ্ৰষ্টাচাৰ বুলি"।মহল্লাৰ ক্লিনিক বনোৱাতো ভ্ৰষ্টাচাৰ নহয়।নিজ পত্নী বা পুত্ৰৰ কোম্পানীক চৰকাৰী ঠিকা দিয়াটোহে ভ্ৰষ্টাচাৰ।নিজ পত্নীৰ কোম্পানী আৰু পুত্ৰৰ ব্যৱসায়িক সহযোগীৰ কোম্পানীক হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঠিকা দিয়াৰ অভিযোগ উঠিছে।
ইফালে ভাৰতীয় জনতা পাৰ্টীয়ে উদ্দেশ্যপ্ৰণোদিত ভাৱে আম আদমী পাৰ্টীৰ সদস্যক আক্ৰমণৰ লক্ষ্য কৰি লয় বুলি উল্লেখ কৰি তেওঁ আৰু কয়-দিল্লী আপৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনক বিনা দোষত কাৰাগাৰলৈ পঠোৱা হৈছে।
আনহাতে সংবাদমেলত তেওঁ কয় যে,দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল প্ৰধানমন্ত্ৰীয়ে এতিয়া জেললৈ পঠিয়াব পাৰিব নে দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক!
- Log in to post comments
- 15 views