
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হোৱা স্বাস্থ্য বিভাগৰ পিপিই কীট কেলেংকাৰী প্ৰসংগক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেল।মুখ্যমন্ত্ৰী হিমন্তৰ পৰিয়ালক ৰক্ষণাবেক্ষণৰ চেষ্টা মন্ত্ৰী গৰাকীৰ।দিছপুৰৰ মন্ত্ৰী আৱাসত সংবাদমেল সম্বোধন কৰি হাজৰিকাই কয়- পিপিই কীট প্ৰসংগৰে মুখ্যমন্ত্ৰী পৰিয়াল জড়িত নহয়।একাংশ দুষ্ট প্ৰকৃতিৰ লোকে কৰা এয়া এক ষড়যন্ত্ৰ।
পিপিই কীটক লৈ এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল কোভিডৰ প্ৰথম পৰ্যায়ত। সেই সময়খিনিত আমি কেবিনেটৰ সিদ্ধান্ত মৰ্মে ক'ভিডৰ সময়ত আমি মুঠ ৩৫ খন ফাৰ্মক PPE kit দিবলৈ অনুমোদন দিছিলোঁ।আৰু ৯খন ফাৰ্মক চেনিটাইজাৰ যোগান ধৰিবলৈ অনুমোদন জনাইছিলো।পিপিইকীট কেলেংকাৰী লৈ যিখন ফাৰ্মৰ বিৰূদ্ধে বাতৰি প্ৰচাৰ কৰিছে সেই ফাৰ্মখনে মাত্ৰ ৮৫ লাখ টকাৰহে পিপিইকীট যোগানৰ অনুমোদন পাইছিল -মন্ত্ৰী হাজৰিকাই কয়।
ইফালে চীনৰ পৰা অনা ৫০হাজাৰ পিপিইকীট প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয়- চৰকাৰে কোনো টকা দিয়া নাছিল চীনৰ পৰা অনা পিপিইকীট খিনিত।চৰকাৰে ব্যৱহাৰেই কৰা নাই কেলেংকাৰী ক'ৰ পৰা হ’ব।মুখ্যমন্ত্ৰী পৰিয়ালৰ কোনো লোক কোভিডৰ সামগ্রী যোগানৰ লগত জড়িত নহয়।মুখ্যমন্ত্ৰীৰ পৰিয়ালে পিপিই কিটৰ নামত লোৱা নাই কোনো টকা।
আনহাতে "দ্য ৱায়াৰ’ আৰু ‘দ্য ক্ৰছকাৰেন্ট’ত যি বাতৰি প্ৰচাৰ হৈছে সেয়া বাতৰি অবান্তৰ মনেসজা দুষ্ট প্ৰকৃতিৰ আখ্যা দিয়ে মন্ত্ৰী গৰাকীয়ে।
- Log in to post comments
- 10 views