দিছপুৰৰ আজমলৰ বাসগৃহত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদ, পঢ়ক

A

নিউজ ডেস্ক:

এইআইইউদিএফ প্ৰধান বদৰুদ্দিন আজমলৰ দিছপুৰৰ বাসগৃহত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদ।আজমলৰ কাষত বহি বাঘবৰৰ বিধায়কজনে জনালে এআইইউদিএফৰ মুৰব্বীক সাক্ষাৎ কৰাৰ মূল কাৰণ।উল্লেখ্য যে,কংগ্ৰেছৰ পৰা দীৰ্ঘদিনে নিলম্বিত হৈ থকা বিধায়ক আলীয়ে এআইইউদিএফত যোগদান কৰাৰ চৰ্চা চলি থকাৰ সময়তে আজমলক সাক্ষাৎ কৰা প্ৰসংগই ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে।
ইফালে সাক্ষাৎ প্ৰসংগত আজমলে কয়- অতিথিৰূপে মোৰ ঘৰত আহিছে,ভাত-পানী খুৱাম।
"আজমল ডাঙৰীয়া দীৰ্ঘদিন পিছত গুৱাহাটী আহিছে।তেওঁৰ স্বাস্থ্যৰ খবৰ কৰিবলৈ আহিছোঁ, অতিথিৰূপে মই আহিছোঁ"- শ্বেৰমানে কয়।
আনহাতে এআইইউদিএফত কেতিয়া যোগদান কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নত শ্বেৰমানে কয়-এতিয়ালৈ ভৱা নাই।ৰাইজৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব।
তাৎপৰ্যপূৰ্ণ কথা এই যে কংগ্ৰেছত দীৰ্ঘদিনৰ পৰা নিলম্বিত হৈ থকা বিধায়ক গৰাকীয়ে বিভিন্ন সময়ত কংগ্ৰেছ দল ত্যাগ কৰাৰ ইংগিত দি আহিছে।৯৫শতাংশ কংগ্ৰেছ ত্যাগ কৰাটো চূড়ান্ত বুলিও কেইদিনমানৰ পূৰ্বে জনাইছিল।কিন্তু তাৰ মাজতে বুধবাৰৰ সাক্ষাতে বহু কথা চূড়ান্ত কৰিছে।
উল্লেখ্য যে কংগ্ৰেছত যোগদানৰ পূৰ্বে শ্বেৰমান আলী আহমেদ এআইইউদিএফ দলত আছিল।

Your Comments