ৰাজনীতিৰ পৰা সাময়িক সন্যাস লৈ ভূপেন বৰাক কবিতা লিখাৰ আহ্বান নীলমণি সেন ডেকাৰ

A

নিউজ ডেস্ক:

"ভূপেন বৰাই যদি কবিতা লিখি অসমীয়া ভাষা-সংস্কৃতি সমৃদ্ধি কৰিব খোজে তেন্তে নিৰৱে প্ৰাকৃতিক পৰিৱেশত থাকি চৰ্চা কৰক।প্ৰয়োজনত হিমালয় বা ভূটান কোনো অঞ্চল, য'ত অন্যই ঢুকি নাপায় ,সম্পূৰ্ণ প্ৰাকৃতিক স্থানত থাকি চৰ্চা কৰক"- এই আহ্বান বহিষ্কৃত কংগ্রেছী নেতা নীলমণি সেন ডেকাৰ ৷
ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়েও কবিতা লিখিছিল কিন্তু সমস্যাবোৰ প্রকাশ কৰা নাছিল।তেওঁ এটা নতুন ধাৰা সৃষ্টি কৰিছে ৰাইজে কেনেকৈ গ্ৰহণ কৰে কাইলৈহে গম পাব-জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে কয় ।
বৰাক আহ্বান জনাই ডেকাই কয়- নিৰৱে, নিৰলে এক   প্ৰাকৃতিক পৰিৱেশত চৰ্চা কৰিলে ভাল।কবিতাত ছন্দ- ভাৱ আহিছে, ভাৱটো যেতিয়া বহল হ’ব আৰু ভাল হ’ব।ৰাজনীতিৰ পৰা  সাময়িক সন্যাস গ্ৰহণ কৰি কবিতা লিখিলে ভাল হ’ব- লগতে তেওঁ কয়।
ইফালে প্ৰদেশ কংগ্ৰেছে বহিষ্কাৰ কৰা প্ৰসংগত শীঘ্ৰে ন্যায়ালয়ৰ কাষ চাপিব বুলি ডেকাই জানিব দিয়ে।
উল্লেখ্য যে শেহতীয়া ভাৱে বটদ্ৰৱা কাণ্ডক লৈ বৰাই লিখিছিল এটা কবিতা।প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ মন্তব্যক লৈ বিভিন্নজনে মন্তৱ্য প্ৰকাশ কৰিছে।

Your Comments