
নিউজ ডেস্ক:
"অজাপ ত্যাগ কৰি প্ৰথমবাৰ সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত আৱেগিক চিত্তৰঞ্জন
বসুমতাৰী।লুৰীণজ্যোতি গগৈ মোৰ কাৰণে সদায় ৰাম।লক্ষ্মণৰূপে সদায় লগত থাকিম।যুদ্ধত তেওঁ জয়ী হ’ব"- অসম জাতীয় পৰিষদৰ সদ্য পদত্যাগী নেতাৰ চিত্তৰঞ্জন বসুমতাৰীৰ এই মন্তৱ্য।এজেপিৰ সভাপতি লুৰীণজ্যোতিৰ প্ৰশংসাত পঞ্চমুখ হৈ বসুমতাৰীয়ে কয়- লুৰীণজ্যোতি সত্তাটোক অনুসৰণ কৰোঁ।অসমীয়াবাসীয়ে বহুত আশা কৰে।তেওঁৰ দৰে মানুহে ৰাজনীতিত কাম কৰিলেহে ভাল লাগিব।মোৰ জাতীয়তাবাদ চৰিত্ৰ কোনেও কাঢ়ি নিব নোৱাৰে।
উল্লেখ্য যে দেওবাৰে দলত্যাগৰ প্ৰসংগত এজেপি দলৰ সভাপতিৰে পুনৰ আলোচনা কৰা উদ্দেশ্যৰে ছয়মাইলৰ গগৈৰ বাসগৃহলৈ অহাৰ সময়ত এই গুৰুত্বপূৰ্ণ মন্তৱ্য প্ৰদান কৰে বসুমতাৰীয়ে।
অসম জাতীয় পৰিষদত মূল্যবোধ, সততা ৰাজনীতি পাব।জাতীয়তাবাদী হৈ আছোঁ থাকিম আৰু আগবাঢ়ি যাম।মই অসমৰ বাবে আৰু মোৰ বাবে অসম হৈ থাকিব।দলৰ বিশৃংখলতা সভাপতিয়ে বিবেচনা কৰি দলটোক শক্তিশালী কৰিব- তেওঁ লগতে কয়।
ইফালে ৰাজনীতিত পুনৰ সক্রিয় হ’ম নে নাই লুৰিনজ্যোতি গগৈক সুধিম।ৰাজনীতিত নাথাকিলেও তেওঁক সদায় সহায় কৰিম।বিশৃংখলতাৰ মাজত থাকি বোজা হবলৈ বিচৰা নাই।লুৰীনজ্যোতিৰ দৰে মানুহৰ ৰাজনীতিত কাম অসমৰ ভাল হ’ব- বসুমতাৰীয়ে কয়।
আনহাতে অজাপ জন্ম দিয়া আছু-যুৱ ছাত্ৰ পৰিষদৰ মাজত কৰবাত ব্যৱধান আহিছে।এজেপিৰ লগত যাতে আছু-AJYCPয়ে অন্যায় নকৰে তাৰো আহ্বান জনায় বসুমতাৰীয়ে।মই কাম কৰা মানুহ, দলত কাম কৰিবলৈ বিচাৰিছিলোঁ, পৰিকল্পনা লৈছিলোঁ কিন্তু বাধা বিঘিনি আহিল লগতে তেওঁ কয়।
মই মোৰ স্থিতিত অটল।পুনৰ ঘূৰি অহাৰ কিবা সিদ্ধান্ত লবলৈ মোৰ সময় লাগিব।ৰাজনীতিৰ পৰা মুক্ত হবলৈ বিচাৰিছো।ৰাইজৰ সৈতে কথা পাতি ভৱিষ্যতৰ কিবা সিদ্ধান্ত লম- এজেপিলৈ পুনৰ ঘূৰি অহা প্ৰসংগত এইদৰে কয় বসুমতাৰীয়ে।
- Log in to post comments
- 16 views