
নিউজ ডেস্ক:
আলফা(স্বা)ৰ ওচৰত ক্ষমা খুজি বিপদত মন্ত্ৰী সঞ্জয় কৃষাণ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী গৰাকীক ক্ষমা খোজাৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।উল্লেখ্য যে,কেইদিনমান পূৰ্বে আলফাক ৰাজহুৱা ভাৱে ক্ষমা বিছাৰিছিল মন্ত্ৰী কৃষানে।
গুৰুত্বপূৰ্ণ কথা এই যে আলফাৰ বিৰুদ্ধে কৰা এক মন্তৱ্যৰ প্ৰসংগত মন্ত্ৰী গৰাকীক ২৪ঘণ্টা সময়সীমাৰ ভিতৰত ক্ষমা খোজাৰ দাবী জনাইছিল সশস্ত্ৰ সংগঠনটোৱে।নিষিদ্ধ ঘোষিত সংগঠনটোৱে অন্যথা তিনিচুকীয়া- ডিব্ৰুগড়ত নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰি দিছিল।আলফাৰ এই সকিয়নীৰ পাছতে ৰাজহুৱা ভাৱে মন্ত্ৰী গৰাকীয়ে ক্ষমা খুজিছিল।সংবাদ মাধ্যমত সমগ্র বিষয়টো ব্যাপক চৰ্চা হৈছিল।সৰ্বত্ত দাবী উত্থাপন হৈছিল মন্ত্ৰী কৃষাণক মন্ত্ৰীসভাৰ পৰা বহিষ্কাৰ কৰাৰ বাবে।দাবী উঠিছিল আলফাক ক্ষমা বিচৰা মন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগে।জনতাৰ প্ৰতিক্ৰিয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।
আনহাতে মন্ত্ৰী গৰাকীক জাননী জাৰি কৰা প্ৰসংগত বিধায়ক আব্দুল ৰহিম আহমেদে কয় যে - সঞ্জয় কৃষাণক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লাগে।আলফাক নিষিদ্ধ ঘোষণা কৰি যদি মন্ত্ৰীয়ে ক্ষমা খুজিব লাগে তেন্তে আলফাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লওঁক।
"সঞ্জয় কৃষান মন্ত্ৰী হৈ থকাৰ কোনো নৈতিক অধিকাৰ নাই।তেওঁৰ ওপৰত ক্ৰিমিনেল কেচ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিব লাগে।আলফাৰ লগত যোগাযোগ আছে বাবে ক্ষমা বিচাৰিছে"- বিধায়ক আব্দুল ৰশিদ মণ্ডলে কয়।
ইফালে বিধায়ক জাকিৰ হুছেইন সিকদাৰে কয়-সঞ্জয় কৃষাণক শ্ব'কজ নহয় মন্ত্ৰী সভাৰ পৰাই বৰ্খাস্ত কৰিব লাগে।এজন অযোগ্য মন্ত্ৰী।দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহিছে তেওঁৰ মন্তৱ্যত।
- Log in to post comments
- 9 views