
নিউজ ডেস্ক:
কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে দল ত্যাগ কৰা বুলি ভুৱা খবৰ বিয়পোৱাৰ অপৰাধত ৱাজেদ আলি চৌধুৰীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্রেছৰ।শুকুৰবাৰে চৌধুৰীলৈ হুইপ জাৰি কৰিছে প্ৰদেশ কংগ্ৰেছে।
উল্লেখ্য যে বৃহস্পতিবাৰে বিধায়ক চৌধুৰীয়ে জ্যেষ্ঠ নেতা গৰাকীয়ে পদত্যাগ কৰা বুলি খবৰ দিছিল।
সভাপতি ভূপেন বৰাই কয়- দলীয় এটা শৃংখলাৰ মাজত দল পৰিচালিত হয়।দলীয় শৃংখলা ভংগ কৰিলে সেইয়া ভূপেন বৰাই হওঁক বা ডাঙৰ পদবীত থকা ব্যক্তি হওঁক দলীয় সংবিধান মতে ব্যৱস্থা লোৱা হ’ব।
নীতি মতে দলৰ কথা সভাপতি, বিৰোধী দলপতি আৰু এ আই চি চি সাধাৰণ সম্পাদক তথা তত্বাৱধায়কক কথা কবলৈ দিয়া হৈছে।তাৰ বাহিৰে দলীয় কথা কোনোৱে কব নোৱাৰিব- বৰাই পুনৰ কয়।
- Log in to post comments
- 27 views