চিত্তৰঞ্জন বসুমতাৰীৰ দলত্যাগ; পদত্যাগ প্ৰত্যাহাৰ কৰিব বুলি আমি আশাবাদী- লুৰিনজ্যোতি গগৈ

A

নিউজ ডেস্ক:

অসম জাতীয় পৰিষদ  ত্যাগ কৰিলে  চিত্তৰঞ্জন
বসুমতাৰীয়ে।সামাজিক মাধ্যমৰ জৰিয়তে দলত্যাগৰ কথা ঘোষণা বসুমতাৰীৰ।দল ত্যাগ কৰি উত্তৰ-অসমৰ শক্তিশালী নেতা গৰাকীয়ে কয়- মই এতিয়া ৰাজনৈতিক ভাৱে মুক্ত।
উল্লেখ্য যে ,বসুমতাৰীয়ে ২১ৰ নিৰ্বাচনত ধেমাজি বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।ইয়াৰ উপৰিও তেওঁ মাজুলী উপ-নিৰ্বাচনতো বিৰোধী উমৈহতীয়া প্ৰাৰ্থী হিচাপে এজেপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।গুৰুত্বপূৰ্ণ কথা এই যে, বসুমতাৰীৰ দলত্যাগে আচম্বিত কৰিছে এজেপি নেতৃত্বক।শক্তিশালী নেতা গৰাকীৰ দল ত্যাগৰ প্ৰসংগত দলটোৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে কয়- বসুমতাৰীৰ পদত্যাগৰ কথা প্ৰথম সামাজিক মাধ্যমৰ জৰিয়তে অৱগত হৈছো।শেহতীয়াভাৱে পদত্যাগ পত্ৰ লাভ কৰিছোঁ।কিন্তু তেওঁ যিসমূহ বিষয় দাবী কৰিছে সেইসমূহ বিষয় দলৰ ভিতৰত আলোচনাৰে সমাধান কৰিম।বিশ্বাস আছে পদত্যাগ পত্ৰখন তেওঁ প্ৰত্যাহাৰ কৰিব।
"আশা কৰা ধৰণে দলীয় কাম কাজ আগবঢ়াব পৰা নাই।আদৰ্শ-চিন্তা চেতনাত বিচলিত হোৱা নাই, লক্ষ্য লৈয়ে আগবাঢ়ি গৈছোঁ।ক্ষন্তেকীয়া ক্ষোভ-অভিমানেৰে সম্পাদক বসুমতাৰীয়ে পদত্যাগ কৰিছে-লুৰীনে কয়।
“সঘনে যোগাযোগত থাকোঁ, কথাবোৰ আলোচনা কৰি আছিলো।কথাবোৰ জনোৱা হ’লে ভাল পালোহেঁতেন।হঠাৎ কিয় এনে সিদ্ধান্ত লৈছে” বুলি গগৈয়ে লগতে কয়।
আনহাতে দলত কোনো সংঘাত নাই বুলি উল্লেখ কৰি লুৰীনে কয়- লক্ষ্য-উদেশ্যৰ পৰা যিহেতু বিচলিত হোৱা নাই তাত দলীয় সংঘাত হোৱাৰ প্ৰশ্নই আহিব নোৱাৰে।
ইফালে বসুমতাৰীৰ উপৰিও এজেপি উপ-সভাপতি পলাশ বৰুৱায়ো ত্যাগ কৰিছে দল।

Your Comments