
নিউজ ডেস্ক:
'বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰা ঘটনাক গৰিহণা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ।আৰক্ষীৰ জিম্মাত এগৰাকী যুৱকৰ মৃত্যু হৈছে।আৰক্ষীয়ে পূৰ্বৰ পৰা সাজু থাকিব লাগিছিল যিকোনো পৰিস্থিতিৰ বাবে।কিন্তু নিয়ন্ত্ৰণৰ বাবে কোনোধৰণৰ পদক্ষেপ লোৱা নাই। যাৰ বাবে সংঘটিত হয় এইধৰণৰ ভয়ংকৰ ঘটনা"- এই মন্তব্য বিধায়ক গৰাকীৰ।সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত হ’ব লাগে বুলি উল্লেখ কৰি ইছলামে কয়-আক্ৰমণকাৰীৰ ঘৰ উচ্ছেদ কৰি আৰক্ষীয়ে আজি যি পৰিৱেশ সৃষ্টি কৰিছে সেইয়া চৰকাৰৰ গোপন ইংগিতত হৈছে।জেচিবি লৈ ঘৰ ভাঙি অতিৰঞ্জিত কৰি আছে।পৰিস্থিতি আৰু ভয়াৱহ কৰি অসমক উত্তেজিত কৰিবলৈ চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰ।সাম্প্ৰদায়িক পৰিস্থিতি সৃষ্টি কৰিবলৈ বিচাৰিছে আৰু চৰকাৰ আইন শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ।
চৰকাৰে নিকৃষ্ট ৰাজনীতি কৰিবলৈ এইধৰণৰ ঘটনাটো সংঘটিত কৰিছে।স্বাধীনতাৰ পাছত পাকিস্তানৰ পতাকা অঞ্চলটোত উৰুৱা ৰেকৰ্ড আছে নেকি পিযুষ-জয়ন্তই কওঁক- আমিনুলে কয়।ৰাইজে প্ৰথম এনেই আহি থানা জ্বলোৱা নাই।চৰকাৰে আৰক্ষীক ৰক্ষণাবেক্ষণ কিয় দি আছে।নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগে।মাছ বিক্রীৰ বাবে যোৱা এজন যুৱকক আটক কৰি টকা দাবী কৰি আৰক্ষীয়ে নৈতিক কাম কৰিছিল নেকি বুলিও প্ৰশ্ন কৰে এআইইউদিএফৰ বিধায়ক গৰাকীয়ে।
চৰকাৰে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই সেয়া প্ৰথম স্বীকাৰ কৰক।জেহাদী-পাকিস্তানীৰ পতাকাৰ কথা কৈ নিজৰ ব্যৰ্থতা ঢাকিব নালাগে- ধিঙৰ বিধায়ক গৰাকীয়ে কয়।এনেধৰণৰ অনৈতিক কাৰ্য চৰকাৰে আগতেও কৰিছে৷
- Log in to post comments
- 10 views