
নিউজ ডেস্ক:
আম আদমী পাৰ্টি অসমে প্ৰতিদ্বন্দিতা আগবঢ়াব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত।মুঠ ২৬খন আসনতে প্ৰতিদ্বন্দিতা আগ বঢ়াব আম আদমী পাৰ্টিয়ে। এই কথা জনাইছে আপৰ ৰাজ্যিক নেতৃত্বই।
ইতিমধ্যে প্ৰাৰ্থীত্ব বিচাৰি ১০০খনৰো অধিক আবেদন অহা বুলি জানিব দিছে আপৰ নেতৃত্বই।তাৰে ১৯খনকৈ আসনৰ বাবে ইতিমধ্যে চূড়ান্ত হৈছে প্ৰাৰ্থী।অহা ২২মেত প্ৰকাশ পাব প্ৰাৰ্থীৰ চূড়ান্ত তালিকা।
গুৰুত্বপূৰ্ণ কথা এই যে,নিৰ্বাচনৰ প্ৰাৰ্থী মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২৩মে'।
উল্লেখ্য যে ,গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন আৰু অসমৰ পৌৰ সভাৰ নির্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই কিছু সাফল্য লাভ কৰিছে আপে।তাকে শক্তিৰূপে লৈ কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত যুঁজাৰ বাবে সাজু হৈছে আপ।
- Log in to post comments
- 12 views