
নিউজ ডেস্ক:
নাওবৈছা সমষ্টিৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ আম আদমী পাৰ্টীত যোগদান।বিগত নিৰ্বাচনত এআইইউদিএফৰ পৰা দলীয় টিকট লাভ নকৰি ত্যাগ কৰিছিল দল।পৰৱৰ্তী সময়ত কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নাছিল প্ৰাক্তন বিধায়ক গৰাকী।
সোমবাৰে গুৱাহাটী আপ'ৰ ৰাজ্যিক কাৰ্যালয়ত যোগদান কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয়- “আপ কেৱল বিকল্প নহয় অসমৰ এটা নম্বৰ ১পাৰ্টী হ’ব।”
তাৎপৰ্যপূৰ্ণ কথা যে ২০১৬চনত নাওবৈছা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল মামুন।
আনহাতে মামুনৰ উপৰিও আজি আপত যোগদান কৰে কংগ্ৰেছৰ প্ৰাক্তন কোষাধক্ষ্য ব্ৰজেন কুমাৰ সন্দিকৈয়ে।
- Log in to post comments
- 8 views