কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু বিটিচিত পুনৰ নিৰ্বাচনৰ দিন ঘোষণা, পঢ়ক

A

নিউজ ডেস্ক:
ৰাজ্যত পুনৰ নিৰ্বাচনৰ দিন ঘোষণা।ঘোষণা কৰা হ'ল কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদ আৰু বিটিচি উপ নিৰ্বাচনৰ দিন।৮জুনত অনুষ্ঠিত হ’ব কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন আৰু বিটিচিৰ এটা পৰিষদৰ  সমষ্টিত উপ-নিৰ্বাচন।বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰে এই কথা।১২জুনত প্ৰকাশ হ’ব ফলাফল অৰ্থাৎ সেই দিনটোতে অনুষ্ঠিত হ’ব ভোট গণনা।
বৃহস্পতিবাৰৰ পৰা ইয়াৰ বাবে জাৰি হৈছে নিৰ্বাচনী অধিসূচনা।আয়োগে জানিব দিয়া মতে মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন ২৩মে।মনোনয়নপত্ৰ পৰীক্ষণৰ  দিন ২৪মে।২৬ মেত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন।
উল্লেখ্য যে কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ ২৬টা সমষ্টিত হ’ব নিৰ্বাচন।মুঠ ভোটাৰ ৭ লাখ ৩ হাজাৰ ২৯৮ গৰাকী।পুৰুষ ভোটাৰ ৩ লাখ ৫৫ হাজাৰ ৫০৩ জনৰ বিপৰীতে মহিলা ভোটাৰ ৩ লাখ ৪৭ হাজাৰ ৭৯০ গৰাকী।তৃতীয় লিংগৰ ভোটাৰ আছে ৫ গৰাকী।
গুৰুত্বপূৰ্ণ কথা এই যে ,নিৰ্বাচন অনুষ্ঠিত হ’ব লগা মুঠ ভোট কেন্দ্ৰ ৯০৬টা।অতি স্পৰ্শকাতৰ কেন্দ্ৰ ৫৭টা আৰু স্পৰ্শকাতৰ ভোটকেন্দ্ৰ ৩২৫টা।
একেদৰে সৰ্বাধিক ভোটাৰ থকা সমষ্টি হৈছে লুম্বাজং  (ভোটাৰৰ সংখ্যা ৬৯৮১৫)।সৰ্বনিম্ন ভোটাৰ থকা সমষ্টি সৰুপথাৰৰ বোকাজান (ভোটাৰৰ সংখ্যা ১০১২৮)।
আয়োগে নিৰ্ধাৰণ কৰা মতে একোজন প্ৰাৰ্থীয়ে প্ৰচাৰৰ নামত ব্যয় কৰিব পাৰিব সৰ্বাধিক ৪ লাখ ৫০ হাজাৰ।ভোটগ্ৰহন হ'ব বেলট কাগজত।

ইপিনে, বাক্সাৰ ২২ নং কোকিলাবাৰী সমষ্টিত হ’ব উপ- নিৰ্বাচন।দীৰ্ঘদিনৰ পৰা সমষ্টিটো খালী হৈ আছিল।

Your Comments