হিমন্ত চৰকাৰৰ বিফলতাৰ ১বছৰ ;শীর্ষক আম আদমী পাৰ্টীৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ সন্মুখত আম আদমী পাৰ্টীৰ প্ৰতিবাদ।নেহেৰু ষ্টেডিয়ামত গৃহমন্ত্ৰী অমৃত শ্বাহৰ অনুষ্ঠান চলি থকাৰ সময়তে আপ কর্মীসকলে মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰৰ এবছৰীয়া ব্যৰ্থতাৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।বিগত এবছৰ পূৰ্বে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণত চূড়ান্ত ব্যৰ্থ হৈছে হিমন্ত নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ-এই গুৰুতৰ অভিযোগ আম আদমী পাৰ্টী অসমৰ।উল্লেখ্য যে ৩১ মার্চৰ পূৰ্বে গণি গণি এক লাখ চাকৰি প্ৰদান কৰা প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল।একেদৰে গুৱাহাটী মহানগৰীৰ খোৱাপানী সমস্যা আজি পৰ্যন্ত দুৰ নহ’ল- অভিযোগ আপৰ।
অসম চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানলৈ গৃহমন্ত্ৰী অমৃত শ্বাহ আহিছে।অসম চৰকাৰে স্বাগতম-ধন্যবাদ জনাইছে কি কাৰণত!অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ইমান দিনে কি পালে।ভাৰত চৰকাৰে কেৱল লুন্ঠন কৰি গ’ল- আপ কর্মী সকলে এইদৰে কয়।
হিমন্ত বিশ্ব শৰ্মা গ' বেক, অমৃত শ্বাহ গ' বেক, বিজেপি হায় হায়, অসম চৰকাৰে লুটিলে, মূল্যবৃদ্ধি হ্ৰাস কৰক আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।
আপৰ  প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সমন্বয়ক ডাঃ ভৱেন সন্দিকৈ, কমল কুমাৰ মেধি জিতুল ডেকা প্ৰমুখ্যে প্ৰায় শতাধিক আপকর্মীয়ে।
মানৱ শৃংখলৰ জৰিয়তে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

Your Comments