
নিউজ ডেস্ক:
ৰাজ্যিক বিজেপিত ক্ৰমাৎ যেন পুৰণি নেতা গুৰুত্বহীন হৈ পৰিছে তাৰেই এক ছবি আজি স্পষ্ট হৈছে গৃহমন্ত্ৰী অমিত শ্বাহৰ এক অনুষ্ঠানত।মানকাচৰত বিএছএফৰ এক অনুষ্ঠানত অপমানিত প্ৰাক্তন ৰাজ্যিক সভাপতি, মন্ত্ৰী ৰঞ্জিত দাস।ধুবুৰী-বাংলা সীমান্ত পৰিদৰ্শন কৰাৰ বাবে যোৱা গৃহমন্ত্ৰী শ্বাহক সাক্ষাতৰ বাবে ৰঞ্জিৎ দাসে উঠিব বিচাৰিছিল ভিউ পইন্টত।গৃহমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বি এছ এফৰ জোৱানে দাসক অনুমতি নিদিলে পইণ্টত উঠাৰ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও আছিল শ্বাহৰ সৈতে।
ইফালে নিৰাপত্তাৰ দায়িত্বত থকা বিএছএফে বিজেপিৰ জ্যেষ্ঠ নেতা গৰাকীক উভতাই পঠিওৱাৰ পাছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া।গৃহমন্ত্ৰী শ্বাহৰ অনুষ্ঠানত এইদৰে জ্যেষ্ঠ নেতা গৰাকী অপমানিত হোৱাত বিভিন্নজনে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।গুৰুত্বপূৰ্ণ কথা এই যে গৃহমন্ত্ৰী শ্বাহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হৈ থকাৰ সময়ত অপমানিত দাস ৰাজ্যিক বিজেপিৰ সভাপতিৰ গুৰু দায়িত্বত আছিল।
উল্লেখ্য যে দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিছে গৃহমন্ত্ৰী অমৃত শ্বাহ।আজি তেওঁ ধুবুৰীত ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন কৰাৰ লগতে তামুলপুৰত এখন জনসভাত অংশগ্ৰহণ কৰে।
- Log in to post comments
- 28 views