
নিউজ ডেস্ক:
কংগ্ৰেছক শক্তিশালী কৰাৰ বাবে ৰাজ্যৰ ১২৬টা সমষ্টি ভ্ৰমণ কৰিব কংগ্ৰেছ সভাপতি ভূপেন বৰাই।ইতিমধ্যে উজনি অসমৰ পৰা বৰাই আৰম্ভ কৰিছে এই অভিযান।নল মৰিব আৰু গঁজালি হ’ব' এই কথা সাৰোগত কৰিয়ে তেওঁ আৰম্ভ কৰিছে অভিযান।ইতিমধ্যে যিয়েই কংগ্ৰেছ ত্যাগ কৰিছে কৰক ,নতুন আহিব বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়।প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাৰ এই মন্তব্যক উভতি ধৰি তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়- “নল মৰে, গঁজালি ওলায় সঁচা কিন্তু এতিয়া সেই কংগ্ৰেছৰ মাটি গঁজালি ওলাবলৈ উৰ্বৰা হৈ থকা নাই।কংগ্ৰেছ বৰ্তমান গণ বিচ্ছিন্ন হৈ পৰিছে।নতুন প্ৰজন্মৰ সৈতে সম্পূৰ্নৰূপে গণ বিচ্ছিন্ন হৈছে।গতিকে গঁজালি ওলোৱাটো জটিল আছে।”
ইফালে কংগ্ৰেছ দলৰ একাংশ নেতাই বিজেপিৰ হৈ কাম কৰি থকা বুলিও বিস্ফোৰক মন্তৱ্য প্ৰদান কৰে বৰাই।সকলো সদস্য নহয় যদিও প্ৰায় ৬০শতাংশ নেতা বিজেপিৰ ফালে থকা বুলি মুখ্যমন্ত্ৰী শৰ্মাই কৈ আহিছে- বৰাই কয়।
আনহাতে এআইইউডিএফ দলে ২০২৬ত চৰকাৰ গঠন কৰিব বুলি কৈ অহা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত উত্তৰ দি বৰাই কয়-"এআইইউডিএফ বিজেপি বি' টিম।ৰাইজে এটা বিশ্বাসঘাটক দল বুলি প্ৰতিষ্ঠিত কৰিছে।সংখ্যালঘু কথাৰে ৰাজনীতি কৰা এআইইউডিএফ দলে মুছলমান সমাজক বিজেপিৰ সৈতে জড়িত হৈ বিশ্বাসঘাটকতা কৰিছে।অহা নিৰ্বাচনত সম্পূৰ্নৰূপে প্ৰত্যাখ্যান কৰিব৷”
- Log in to post comments
- 9 views