
নিউজ ডেস্ক:
মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত ৰাইজৰ দলৰ প্ৰতিবাদ।গুৱাহাটী ক্লাবৰ ৰটাৰী পইণ্টত সভাপতি অখিল গগৈৰ নেতৃত্বত শতাধিক কর্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।প্ৰতিবাদত অংশ লৈ আৰক্ষীয়ে গঢ়ি তোলা বেৰিকেডৰ ওপৰত উঠি বিধায়ক গগৈয়ে চৰকাৰক তীক্ষ্ণ ভাৱে সমালোচনা কৰে৷
"বৰ্তমান তেওঁলোকৰ মুখ বন্ধ কৰাৰ বাদে কোনো ৰাস্তা নাই।পুঁজিপতিক মূৰৰ ওপৰত তুলি লৈছে।আম্বানী-আদানীৰ হাতত দেশখন বিক্ৰী কৰিছে।তাৰ ফলস্বৰূপে দেশৰ জনগণক মূল্যবৃদ্ধিয়ে দহিছে।মূল্যবৃদ্ধিৰ জুইত জনতাক এৰি দিছে, এনে পৰিস্থিতিত কৰিব কি!কৰিবলৈ একো উপায় নাই বাবে মুখৰ মাত বন্ধ কৰিবলৈ বাধ্য হৈছে"- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মূল্যবৃদ্ধি প্ৰসংগত মন্ত্ৰী বিধায়কসকলক একো নকবলৈ কোৱা বুলি বিধায়ক প্ৰশান্ত ফুকনে দিয়া মন্তব্যত অখিলে কয়।
"হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শেষ পৰিণতি এটাই, ৰাইজৰ ওচৰত ক্ষমা খুজি পদত্যাগ কৰিব লাগে।ৰাইজৰ ভৰিত ধৰি ক্ষমা খুজি কব লাগিব তেওঁলোক বিফল হৈছে।এই কথা এদিন কবই লাগিব"- গগৈয়ে কয়।মূল্যবৃদ্ধি হ্ৰাস হ’ব লাগিব,বস্তুৰ দাম কমিব লাগিব।বস্তুৰ দাম যেতিয়ালৈ নকমিব তেতিয়ালৈকে চৰকাৰক এটা দিনো শান্তিত থাকিব দিয়া নহব।আজিৰে পৰা আন্দোলন আৰম্ভ কৰিব বুলিও শিৱসাগৰ বিধায়ক গৰাকীয়ে কয়।
ইফালে প্ৰতিবাদক আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰাৰ প্ৰসংগত অখিলে কয়-অনুমতি লৈ বিৰোধী ৰাজনৈতিক দলে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছোঁ,তাৰ পাছতো বাধা প্ৰদান কৰা হৈছে।প্ৰশাসনৰ অনুমতিৰ পাছতো বাধা প্ৰদানে হিটলাৰী পৰিচয় দিছে।হিমন্ত চৰকাৰৰ বিৰুদ্ধে সৰ্বস্তৰৰ জনগণ ওলায় আহক।অসমৰ জনগণ হিমন্তৰ কথাত কেতিয়াও নচলে।হিমন্ত চৰকাৰে এবছৰীয়া কাৰ্যকালত মূল্যবৃদ্ধি উপহাৰ দিব জনতাক।প্ৰতিশ্ৰুতি এটা পূৰণ কৰিব নোৱাৰিলে।১লাখ নিবনুৱাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিলে নে বাৰু!চৰকাৰ সকলো ক্ষেত্ৰতে ব্যৰ্থ।অখিল গগৈ-ৰাইজৰ দলৰ প্ৰকৃত চেহেৰা এতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাই দেখিবলৈ পাব।এবছৰলৈ ধৈৰ্য ধৰিলোঁ, চৰকাৰক কাম কৰা বাবে সুযোগ দিছিলো।
ইফালে প্ৰতিবাদত অংশ লৈ ৰাইজৰ দলৰ কর্মীসকলে খালে ঐ খালে বিজেপিয়ে খালে, হিমন্ত বিশ্ব হায় হায়, বিজেপি মুর্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগান প্ৰদানেৰে কয় যে -“ হিমন্ত চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ ঘৃণা ভাৱ সৃষ্টি হৈছে।তাৰ বাবে মুখ বন্ধ কৰি ৰাখিবলৈ বাধ্য হৈছে।মুখ বন্ধ কৰি ৰাখিব নোৱাৰিব, খুলিব লাগিব।কোৱাৰী ফালি ৰাইজে মুখ খুলি দিব।
আনহাতে মূল্যবৃদ্ধি প্ৰতিৰোধত যোগান মন্ত্ৰী ব্যৰ্থ ৷মৌন ব্ৰত অৱলম্বন কৰা প্ৰসংগত অখিলে কয়-যোগান মন্ত্ৰী ব্যৰ্থ, তেওঁক গৰিহণা দিবলৈ অসমীয়াত শব্দ নাই।এনে এজন অকৰ্মণ্য মন্ত্ৰীয়ে কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰিব পাৰে"।
উল্লেখ্য যে ৰাজ্যত নিতৌ বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পৰা খোৱা বস্তু ,প্রসাধনলৈকে।বিশেষকৈ মিঠা তেল, দাইল, আলু, দৰৱ, পেট্ৰ’ল-ডিজেল আদিৰ মুল্য বৃদ্ধিয়ে অধিক চিন্তিত কৰিছে জনতাক।ইফালে মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বৰ্তমান সময়লৈকে গ্ৰহন কৰা নাই কোনো বিশেষ পদক্ষেপ।তাৰ মাজতে প্ৰায় ডেৰ শতাধিক সামগ্ৰীৰ জি এছ টি বৃদ্ধিৰ যো-যা কৰিছে চৰকাৰে।
- Log in to post comments
- 30 views