
নিউজ ডেস্ক:
অসম প্ৰদেশ কংগ্ৰেছত ধাৰাবাহিক পদত্যাগৰ জোৱাৰ অব্যাহত।বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি তথা দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন বিধায়ক আব্দুল ৰহিম খানে ত্যাগ কৰিলে কংগ্ৰেছ।বৃহস্পতিবাৰে পদত্যাগ পত্ৰ কংগ্ৰেছৰ শীর্ষ নেতৃত্বলৈ প্ৰেৰণ কৰে।উল্লেখ্য যে খানে সভাপতিৰ পদ ত্যাগ কৰা লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লোৱাৰ কথা অৱগত কৰিছে।
গুৰুত্বপূৰ্ণ কথা এই যে অসম প্ৰদেশ কংগ্ৰেছক শক্তিশালী কৰাৰ বাবে সভাপতি ভূপেন বৰাই জিলাই জিলাই পৰিভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।যোৱা ৪মে'ৰ পৰা আৰম্ভ কৰিছে সভাপতি বৰাই দল শক্তিশালী কৰা উদ্দেশ্যৰে ঘৰে ঘৰে যোৱা কাৰ্যসূচী।বৰাৰ এই প্ৰচাৰ অভিযানৰ মাজতে শীর্ষ নেতাৰ দলত্যাগে অধিক চিন্তিত কৰিছে কংগ্ৰেছক।
- Log in to post comments
- 13 views